உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Three Brave Girls: নগাঁৱৰ ৩ গৰাকী সাহসী কিশোৰী ! খেদি খেদি ধৰিলে ড্ৰাগছ আসক্ত যুৱকক, গতাই দিলে আৰক্ষীক...

    Three Brave Girls: নগাঁৱৰ ৩ গৰাকী সাহসী কিশোৰী ! খেদি খেদি ধৰিলে ড্ৰাগছ আসক্ত যুৱকক, গতাই দিলে আৰক্ষীক...

    Three Brave Girls: সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ(Nagaon) তিনি কন্যাই। ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কিশোৰীয়ে।

    • Share this:
    Three Brave Girls: সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ(Nagaon) তিনি কন্যাই। ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কিশোৰী ৰুবিত্ৰা পাটৰ, শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।

    নগাঁৱৰ নেহৰুবালিত এথলেটিকছ অনুশীলন কৰিবলৈ আহিছিল তিনিওগৰাকী কিশোৰী। সেইসময়ত নেহৰুবালি খেলপথাৰত ড্ৰাগছ সেৱন কৰি আছিল কেইবাজনো যুৱকে। ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও আতৰাই পঠাবলৈ সাহস কৰা নাছিল। কিন্তু তিনি সাহসী কন্যাই ইয়াৰ প্ৰতিবাদ জনাই সাহসিকতাৰে আটক কৰিলে ড্ৰাগছসহ ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক। তিনি কিশোৰীক প্ৰহাৰ কৰিবলৈও তৎপৰ হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দলটো।তথাপিও সাহসিকতাৰে তিনি কিশোৰীয়ে আবদ্ধ কৰিলে আজিজুল নামৰ এজন ড্ৰাগছ আসক্তক। তাৰ পিছত  যুৱক জনক গটাই দিয়ে আৰক্ষীক। তিনিওগৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ৰাইজৰ মাজত। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰসংশা কৰে তিনি সাহসী কিশোৰীক।আনকি অতি শীঘ্ৰে তিনিও কিশোৰীক আৰক্ষীৰ ফালৰ পৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হ'ব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
    Published by:Kokil Sarma
    First published: