হোজাই জিলাৰ মোৰাঝাৰ আৰু ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আজি জেললৈ প্ৰেৰণ কৰে। মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰহাওৰৰ পৰা বৃহস্পতিবাৰে নিশা অভিযান চলাই মোৰাঝাৰ আৰক্ষীয়ে এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজনৰ নাম ফখৰুল ইছলাম৷ ফখৰুল আন্তঃৰাষ্ট্ৰীয় গাঞ্জা ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে ৷ বিগত ৫ মাহে পলাতক হৈ আছিল ফখৰুল ইছলাম ৷
উল্লেখ্য যে মোৰাঝাৰত যোৱা ১৮ ফেব্ৰুৱাৰীৰ নিশা সেই সময়ৰ তদানীন্তন মোৰাঝাৰৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৱে অভিযান চলাই ৩৭টা পেকেটত থকা ৪৫০ কেজি গাঞ্জাসহ গাঞ্জা কঢ়িয়াই নিয়া NL-01-A- 2892 নম্বৰৰ ট্ৰাকখন জব্দ কৰিছিল৷ লগতে গাঞ্জা সৰবৰাহ কৰা দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল৷ গাঞ্জা সৰবৰাহকাৰী চক্ৰটোৰ মাষ্টাৰমাইণ্ড ফখৰুল ইছলাম তেতিয়াৰে পৰা আৰক্ষীৰ চকুত ধুলি দি পলাতক হৈ আছিল৷
আনহাতে ডবকা আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী ডবকা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহস্পতিবাৰে ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে৷ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথ SBI বাইপাছত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন আৰু ময়নুল হক নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰে৷ সৰবৰাহ কাৰী দুটাৰ পৰা তিনিটা হেৰ'ইনৰ কণ্টেইনাৰ জব্দ কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|