মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »আৰক্ষীৰ সঞ্চালকপ্ৰধানে দায়িত্ব লোৱাৰ দিনটোতেই ডিজিপি কাৰ্যালয়ৰ নিচেই ওচৰত চোৰৰ চাফাই অভিযান

আৰক্ষীৰ সঞ্চালকপ্ৰধানে দায়িত্ব লোৱাৰ দিনটোতেই ডিজিপি কাৰ্যালয়ৰ নিচেই ওচৰত চোৰৰ চাফাই অভিযান

File Photo

ঘৰৰ পৰা মাত্ৰ আধা ঘণ্টাৰ বাবে বজাৰ কৰিবলৈ ওলাই যাওঁতে চোৰে লুটিলে সোণ-নগদ ধন

  • Share this:
নৱনিযুক্ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে দায়িত্ব লোৱাৰ দিনটোতেই মহানগৰীত চোৰৰ চাফাই অভিযান। তাকো ডিজিপি কাৰ্যালয়ৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত। গুৰুত্বপূৰ্ণ যে চোৰৰ টাৰ্গেটত আছিল সাংবাদিক।

DGP অফিচৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত দক্ষিণ শৰণীয়াৰ ইস্কন মন্দিৰৰ সমীপৰ ঘৰ নং ৭৬ত সংঘটিত হৈছে এই ঘটনা। ছেটেলাইট চেনেলৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ ভাড়াঘৰটোত চোৰে চলাই চাফাই অভিযান।

ঘৰৰ পৰা মাত্ৰ আধা ঘণ্টাৰ বাবে বজাৰ কৰিবলৈ ওলাই যাওঁতে চোৰে লুটি নিয়ে সোণৰ গহনাৰ লগতে নগদ ধন। ঘটনাক লৈ শৰ্মাই থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া বাতৰি