• Home
  • »
  • News
  • »
  • crime
  • »
  • এপদ এপদকৈ চুৰি হৈছে ৰঙিয়াৰ এপ'ল মিলৰ সামগ্ৰী, হাতে–লোটে ধৰা পৰিল চোৰ

এপদ এপদকৈ চুৰি হৈছে ৰঙিয়াৰ এপ'ল মিলৰ সামগ্ৰী, হাতে–লোটে ধৰা পৰিল চোৰ

লক্ষাধিক টকাৰ লো আৰু ইলেকট্ৰনিক সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

লক্ষাধিক টকাৰ লো আৰু ইলেকট্ৰনিক সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

লক্ষাধিক টকাৰ লো আৰু ইলেকট্ৰনিক সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

  • Share this:

    এসময়ত অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ এপ'ল মিলত চোৰৰ টিঘিলঘিলনি । দিন দুপৰতে মিলটোত চুৰি কাৰ্য সংঘটিত হৈছে । চোৰে লক্ষাধিক টকা মূল্যৰ যন্ত্ৰ-পাতি চুৰ কৰি ই-ৰিস্কাৰে লৈ গৈ থকা অৱস্থাত হাতে–লোটে ধৰা পৰিল ৰাইজৰ হাতত।


    ৰাইজৰ উপস্থিতি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ধৰ্ষ চোৰ তুলসীবাৰীৰ ৰহিমুদ্দিন আলীয়ে। কিন্তু ই-ৰিক্সাচালকগৰাকী ৰাইজৰ হাতত কৰায়ত্ত হয়। ই-ৰিস্কাচালকৰ স্বীকাৰোক্তিৰ ভিত্তিত তুলসীবাৰীৰ কেইবাখনো ঠাইত তুলসীবাৰী আৰক্ষীয়ে অভিযান চলায়।


    অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ এপ'ল মিলৰ বহু অত্যাধুনিক যন্ত্ৰ-পাতি উদ্ধাৰ কৰাৰ লগতে লক্ষাধিক টকাৰ লো আৰু ইলেকট্ৰনিক সা-সামগ্ৰী উদ্ধাৰ কৰে। ৰাইজৰ সন্দেহ– এপ'ল মিলৰ চুৰি কাৰ্যত জড়িত আছে এটা বৃহৎ চক্ৰ। এপ'ল মিল বন্ধ হোৱাৰ পিছৰে পৰা দিনে-নিশাই মিলটোৰ প্ৰায় কোটি টকাৰ সা-সামগ্ৰীবোৰ চুৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। ইফালে তুলসীবাৰী আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।

    Published by:Gautam Barman
    First published: