মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Guwahati : মহানগৰীত ম'বাইল কাঢ়ি পলাব খোজোঁতে যুৱতীয়ে থপিয়াই ধৰিলে চিলনীচোৰক, তাৰ পিছত?

Guwahati : মহানগৰীত ম'বাইল কাঢ়ি পলাব খোজোঁতে যুৱতীয়ে থপিয়াই ধৰিলে চিলনীচোৰক, তাৰ পিছত?

দুৰ্বৃত্তৰ AS 01 BD 8875 নম্বৰৰ স্কুটী বাহনখন জব্দ কৰে আৰক্ষীয়ে

দুৰ্বৃত্তৰ AS 01 BD 8875 নম্বৰৰ স্কুটী বাহনখন জব্দ কৰে আৰক্ষীয়ে

দুৰ্বৃত্তৰ AS 01 BD 8875 নম্বৰৰ স্কুটী বাহনখন জব্দ কৰে আৰক্ষীয়ে

  • Share this:
ফুটগধূলিতে মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। সন্ধিয়া ৭.৩০ বজাত মহানগৰীৰ গীতানগৰ থানাৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

ঘটনা অনুসৰি, শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত নিজ গৃহৰ পৰা কিবা কামত বাহিৰলৈ ওলাই অহাৰ সময়ত গীতানগৰ থানাৰ সমীপৰ ৰংমিলি পথত AS-01-BD-8875 নম্বৰৰ এখন ৰঙা এক্টিভা বাহনত অহা এজন যুৱকে যুৱতীগৰাকীৰ পৰা মোবাইল ফোনটো থাপ মাৰি কাঢ়ি লৈ পলাব খোজে।

তেনে সময়তে ছোৱালীজনীয়ে চিলনীচোৰক থাপ মাৰি ধৰে আৰু চোৰে লগে লগে মোবাইলতো যুৱতীগৰাকীক ঘূৰাই দিয়ে। ভুক্তভোগী যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত চিলনী চোৰে স্কুটী বাহন ঘটনাস্থলীতে এৰি পলায়ন কৰে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে গীতানগৰ থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় দুৰ্বৃত্তৰ AS 01 BD 8875 নম্বৰৰ স্কুটী বাহনখন জব্দ কৰে। ভুক্তভোগাৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

শেহতীয়া বাতৰি