• Home
  • »
  • News
  • »
  • crime
  • »
  • লকডাউন, কাৰ্ফিউৰ মাজতে নিশা বেংকত চোৰৰ দপদপনি। মেচিন কাটাৰ লৈ লকাৰ ভঙাৰ চেষ্টা।

লকডাউন, কাৰ্ফিউৰ মাজতে নিশা বেংকত চোৰৰ দপদপনি। মেচিন কাটাৰ লৈ লকাৰ ভঙাৰ চেষ্টা।

অভয়াপুৰীত বেংকৰ টিনপাট কাটি ওপৰৰে সোমাল চোৰ ৷ কিন্তু নিব নোৱাৰিলে ধন।

অভয়াপুৰীত বেংকৰ টিনপাট কাটি ওপৰৰে সোমাল চোৰ ৷ কিন্তু নিব নোৱাৰিলে ধন।

অভয়াপুৰীত বেংকৰ টিনপাট কাটি ওপৰৰে সোমাল চোৰ ৷ কিন্তু নিব নোৱাৰিলে ধন।

  • Share this:
সান্ধ্য আইনৰ মাজতে  অভয়াপুৰীত নিশা বেংকত সোমল চোৰ ।  অভয়াপুৰীৰ এপেক্স  বেংকৰ  টিনপাট কাটি বেংকৰ ভিতৰত প্ৰৱেশ কৰে চোৰৰ দল। বেংকৰ লকাৰ ভাঙি টকা লুটৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় চোৰৰ দলটো ৷ বেংকৰ আচ-বাব, নথি-পত্ৰ চোৰে লণ্ড ভণ্ড কৰে। চোৰে বেংকৰ চি চি টিভি কেমেৰা বিছিন্ন কৰি চুৰি কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰে ৷ চোৰে লকাৰ কটা যন্ত্ৰ এটা বেংকত এৰি যায়।

বেংকটোত কোনো নৈশ চকীদাৰ নাছিল ৷ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই বেংকত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ ইফালে বেংকৰ ধন লুট কৰাত চোৰে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি জমা ধন অক্ষত থকা বুলি আৰক্ষী অধীক্ষকজনে জানিব দিয়ে ৷
Published by:Kokil Sarma
First published: