உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Dog Thief: গৰু-ছাগলী নহয়, এইবাৰ চাৰিচকীয়া লৈ বাটৰ কুকুৰ চুৰি কাৰ্যত নামিল চোৰ, আটক ১

    Dog Thief: গৰু-ছাগলী নহয়, এইবাৰ চাৰিচকীয়া লৈ বাটৰ কুকুৰ চুৰি কাৰ্যত নামিল চোৰ, আটক ১

    এই চক্ৰটোৱে বঙাইগাঁও আৰু চুবুৰীয়া জিলাসমূহত কুকুৰ চুৰ কৰি বিগত পাঁচ-ছয় মাহ ধৰি বিক্ৰী কৰি আহিছিল। 

    এই চক্ৰটোৱে বঙাইগাঁও আৰু চুবুৰীয়া জিলাসমূহত কুকুৰ চুৰ কৰি বিগত পাঁচ-ছয় মাহ ধৰি বিক্ৰী কৰি আহিছিল। 

    এই চক্ৰটোৱে বঙাইগাঁও আৰু চুবুৰীয়া জিলাসমূহত কুকুৰ চুৰ কৰি বিগত পাঁচ-ছয় মাহ ধৰি বিক্ৰী কৰি আহিছিল। 

    • Share this:

    ছাগলী অথবা গৰু নহয়, এইবাৰ চোৰৰ চকু পদপথৰ কুকুৰ ৷ বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিলে এটা কুকুৰ  চোৰক। বঙাইগাঁও জিলাৰ লেংটিছিঙাত কুকুৰ চুৰি কাৰ্যত ব্যৱহৃত চাৰি চকীয়া বাহন এখনৰ লগতে আৰক্ষীয়ে  চোৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷


    বিগত কেইবাদিনৰ পৰা বঙাইগাঁও চহৰৰ পদপথত থকা কুকুৰসমূহ চুৰি হৈ থকা বুলি বেচৰকাৰী সংগঠন (NGO) এটাই আৰক্ষীক অভিযোগ দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কৰি এই কুকুৰ চুৰি কাৰ্যত জড়িত চক্ৰটোৰ সৈতে থকা এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও সম্প্ৰতি আন দুজনকৈ চোৰ (dog thief) পলাতক অৱস্থাত আছে৷


    কুকুৰ চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা  AS 16 A 1734 নম্বৰৰ বাহনখনো জব্দ কৰা হৈছে ৷ বাহনখন দৈনিক এহাজাৰ টকাত ভাৰা হিচাপে লৈ পদপথৰ কুকুৰ চুৰ কৰি আহিছিল চক্ৰটোৱে ৷ ধৃত চোৰটো গোৱালপাৰাৰ কৃষ্ণাইৰ চেংৰিক এছ মাৰাক বুলি জানিব পৰা গৈছে ৷ বঙাইগাঁও জিলা (Bongaigaon district)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে জনোৱা মতে, এই চক্ৰটোৱে বঙাইগাঁও আৰু চুবুৰীয়া জিলাসমূহত কুকুৰ চুৰ কৰি বিগত পাঁচ-ছয় মাহ ধৰি বিক্ৰী কৰি আহিছিল।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: