• Home
  • »
  • News
  • »
  • crime
  • »
  • Thief at Satra : বৰপেটাৰোড শাখা সত্ৰত চুৰি কৰিবলৈ অহা চোৰক হাতে-লোটে আটক

Thief at Satra : বৰপেটাৰোড শাখা সত্ৰত চুৰি কৰিবলৈ অহা চোৰক হাতে-লোটে আটক

Barpeta Sakha Satra : বৰপেটাৰোড শাখা সত্ৰত চুৰি কৰিবলৈ অহা এটা চোৰক শুকুৰবাৰে পুৱা হাতে-লোটে ধৰা পেলায় সত্ৰৰ ভকতে ৷

  • Share this:
বৰপেটাৰোড শাখা সত্ৰত চুৰি কৰিবলৈ অহা এটা চোৰক শুকুৰবাৰে পুৱা হাতে-লোটে ধৰা পেলায় সত্ৰৰ ভকতে ৷ চোৰটোৰ নাম ছাইফুল ইছলাম। সত্ৰৰ মণিকূটত থকা সামগ্ৰী চুৰি কৰি থাকোতেই ধৰা পৰে চোৰটো।

বৰপেটাৰোডৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দুৰৈৰ বেঁকীৰপাৰৰ পৰা অহা শাখা সত্ৰত এই চোৰটোৱে নিজৰ চেণ্ডেলজোৰ বাহিৰত ৰাখি মণিকুটৰ ভিতৰত সোমাইছিল ৷ সেইসময়ত পুৱা শাখা সত্ৰত প্ৰসংগ কৰিবলৈ অহা ভকতে মণিকুটৰ বাহিৰত চেণ্ডেলজোৰ প্ৰত্যক্ষ কৰে ৷ পাছত ভকতে মণিকুটৰ ভিতৰত সোমাই চোৰটোৱে এটা বস্তাৰ ভিতৰত মণিকুটত থকা ৩খন শৰাইকে ধৰি বিভিন্ন সাসামগ্ৰী বস্তাত ভৰাই থকা ভকতে প্ৰত্যক্ষ কৰে ৷ লগে লগে চোৰটোক কৰায়ত্ত কৰি উত্তম মধ্যম দি গছত বান্ধি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে ৷ পাছত আৰক্ষীয়ে বৰপেটাৰোড শাখা সত্ৰত উপস্থিত হৈ চুৰি সামগ্ৰীসহ চোৰটোক থানালৈ লৈ যায়।
Published by:Manjumoni Borah
First published: