• Home
  • »
  • News
  • »
  • crime
  • »
  • সাৱধান ! আপোনাৰ ঘৰৰ ওপৰতো থাকিব পাৰে কাৰোবাৰ শেন চকু, মুহূৰ্ততে চফা কৰিব পেলাব ধন-সোণ!

সাৱধান ! আপোনাৰ ঘৰৰ ওপৰতো থাকিব পাৰে কাৰোবাৰ শেন চকু, মুহূৰ্ততে চফা কৰিব পেলাব ধন-সোণ!

ৰঙিয়াত চুৰি কাণ্ড

ৰঙিয়াত চুৰি কাণ্ড

ৰঙিয়া ৰ বৰালিমাৰীত ঘৰৰ খিড়িকী ভাঙি দুৰ্বৃত্তৰ লুট-পাট । নগদ ১০ হাজাৰ টকা সহ লুটি নিলে পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ ।

  • Share this:
    বুধবাৰে সন্ধিয়া ৰঙিয়া (Rangia)ৰ সমীপৰ বৰালিমাৰীত হৰেণ শালৈ নামৰ লোকজনৰ ঘৰত চোৰে (Thief) চলালে চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ পিছফালৰ খিড়িকী ভাঙি প্ৰৱেশ কৰিলে দুৰ্বৃত্তৰ দল । নগদ টকা, সোণৰ অলংকাৰ বিচাৰি ঘৰৰ সকলো সা-সামগ্ৰী লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই ।

    পৰিয়ালৰ লোকসকলে উভতি অহাৰ পিছত ঘৰৰ পিছফালৰ খিড়িকীৰ লগতে আলমাৰি ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে । চোৰে হৰেণ শালৈৰ ঘৰৰ পৰা পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ ১০ হাজাৰ টকাৰ লগতে মোবাইল ফোন আৰু পাট-মুগাৰ কাপোৰ চুৰি কৰি নিয়ে। সন্ধিয়াৰ ভাগত এনেদৰে লুট-পাটৰ ঘটনা সংঘটিত হোৱাত পৰিয়ালটো হতভম্ব হৈ পৰে ।

    ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ডোবক আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
    Published by:Manjumoni Borah
    First published: