আঠগাঁৱৰ আলুগুদামত চুৰি কাণ্ড ৷ চৰিফুল ইছলাম নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।
গৃহস্থ শুই থাকোঁতে চোৰে এই কাণ্ড সংঘটিত কৰে। পৰিয়ালটোৱে জানিবলৈ দিয়া মতে, চোৰে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি নিয়ে।
চুৰি কাণ্ডৰ সময়ত চৰিফুল ইছলামৰ পত্নী আৰু জীয়ৰী শুই আছিল। খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰ। নগদ ৪০ হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰ লুট কৰে চোৰে।
Published by: Gautam Barman
FIRST PUBLISHED : December 05, 2022, 11:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।