মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Theft at Maligaon : মালিগাঁৱৰ ল'ক' কলনীত চুৰি কাণ্ড, ৰে'ল বিভাগৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৩ লাখ টকাৰ অলংকাৰ চুৰি।

Theft at Maligaon : মালিগাঁৱৰ ল'ক' কলনীত চুৰি কাণ্ড, ৰে'ল বিভাগৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৩ লাখ টকাৰ অলংকাৰ চুৰি।

News18 Assam | News18-Assam
Updated:July 30, 2021, 9:39 PM IST
Theft at Maligaon : মালিগাঁৱৰ ল'ক' কলনীত চুৰি কাণ্ড, ৰে'ল বিভাগৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৩ লাখ টকাৰ অলংকাৰ চুৰি।
প্ৰায় তিনি লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ আন বহু মূল্যৱান সা-সামগ্ৰী চুৰি।

প্ৰায় তিনি লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ আন বহু মূল্যৱান সা-সামগ্ৰী চুৰি।

  • Share this:
গুৱাহাটী মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এক চুৰি কাণ্ড। মালিগাঁৱৰ পাণ্ডু  ল'ক' কলনীৰ ভাৰতীয় ৰে'ল বিভাগৰ কৰ্মচাৰী ছাজিদ আলী হাজৰিকাৰ ঘৰত সংঘটিত হয় এই ঘটনা।

ঘৰত কোনো নথকাৰ সুযোগ লৈ ব্যক্তিজনৰ পাণ্ডু  ল'ক' কলনীৰ L-152 নং কোৱাৰ্টাৰত চোৰে লুটপাত চলায়। ঘৰৰ তলা ভাঙি প্ৰৱেশ কৰা চোৰে গৃহস্থৰ প্ৰায় তিনি লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ আন বহুতো মূল্যৱান সা-সামগ্ৰী চুৰি কৰি নিয়ে। এই ঘটনা সন্দৰ্ভত ছাজিদ আলী হাজৰিকাৰ পৰিয়ালৰ তৰফৰ পৰা জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

এই এজাহাৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, মাত্ৰ এমাহৰ পূৰ্বে ব্যক্তিজনৰ ঘৰত সংঘটিত হৈছিল চুৰিকাণ্ড। সেইবাৰ ব্যক্তিজনৰ পৰিয়ালৰ লোক ঘৰত থকা অৱস্থাতেই চোৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ, চাইকেলসহ আন কেইবাবিধ মূল্যৱান সা-সামগ্ৰী চুৰি কৰি নিছিল। উক্ত ঘটনাৰ পাছত তেওঁৰ পৰিয়ালৰ ফালৰ পৰা জালুকবাৰী আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছিল। এই চুৰিকাণ্ডৰ এমাহৰ পাছত পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by: Manjumoni Borah
First published: July 30, 2021, 9:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি