உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Cannibal Woman : লোমহৰ্ষক! নৰখাদক মহিলাই মানুহৰ মাংস আৰু তেজেৰে বনাইছিল কেক, তাৰে আপ্যায়ন কৰিছিল অতিথিক

    Cannibal Woman : লোমহৰ্ষক! নৰখাদক মহিলাই মানুহৰ মাংস আৰু তেজেৰে বনাইছিল কেক, তাৰে আপ্যায়ন কৰিছিল অতিথিক

    লিঅ'নাৰ্ডাৰ হত্যাকাণ্ডক "The Soap-Maker of Correggio" হিচাপে জনা যায়

    লিঅ'নাৰ্ডাৰ হত্যাকাণ্ডক "The Soap-Maker of Correggio" হিচাপে জনা যায়

    লিঅ'নাৰ্ডাৰ হত্যাকাণ্ডক "The Soap-Maker of Correggio" হিচাপে জনা যায়

    • Share this:
    বিশ্বৰ জঘন্যতম অপৰাধবোৰৰ ভিতৰত হৈছে নৰখাদকৰ ঘটনাবোৰ (Cannibal’s Stories)। এই নৰখাদকৰ ঘটনাবোৰৰ বিশেষত্ব হ'ল তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ কোনো ধাৰণা নাথাকে যে তেওঁলোকে কিমান বিপজ্জনক মানুহৰ লগত সম্পৰ্ক কৰি আছে।

    তেনে এগৰাকী বিপজ্জনক মহিলা আছিল লিঅ'নাৰ্ডা চিয়ানচিলু (Leonarda Ciancillu), যাৰ একমাত্ৰ আগ্ৰহ আছিল মানুহক হত্যা কৰা। এই হত্যাৰ বাবে তেওঁ লক্ষ্যত লৈছিল সেইসকল মহিলাক, যিয়ে তেওঁলোকৰ জীৱনক লৈ দুঃচিন্তাত কটাইছিল। ইটালীৰ প্ৰথম মহিলা ছিৰিয়েল কিলাৰ (First Serial Killer of Italy) ৰূপে কুখ্যাতি অৰ্জন কৰা চিয়ানচিলুৰ হত্যাকাণ্ডই সকলোকে ভাবিবলৈ বাধ্য কৰাইছিল যে ইমানদিনে নাৰী হৃদয়ক লৈ থকা ধাৰণা ভুল। নাৰীয়েও কৰিব পাৰে অতি জঘন্য অপৰাধ।

    লিঅ'নাৰ্ডাৰ হত্যাকাণ্ডক "The Soap-Maker of Correggio" হিচাপে জনা যায়

    দ্য ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি, এই মহিলাগৰাকীয়ে ৩টা হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত মৃতদেহবোৰৰ সৈতে যি কৰিছিল, সেয়া আছিল লোমহৰ্ষক। লিঅ'নাৰ্ডাৰ হত্যাকাণ্ডক "The Soap-Maker of Correggio" হিচাপে জনা যায়। এই বিপজ্জনক মহিলাগৰাকীৰ প্ৰথম ভুক্তভোগী ফটচিনা ছেট্টি নামৰ এগৰাকী মহিলা হৈছিল। ১৯৩৯ চনত লিঅ'নাৰ্ডাই তেওঁক তেওঁৰ ঘৰলৈ মাতি আনি এজন ভাল স্বামী পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ফটচিনাৰ দ্বাৰা চিঠি লিখাই যে তেওঁ এজন ল'ৰা লগ কৰিবলৈ দেশৰ বাহিৰলৈ গৈছে। ইয়াৰ পিছতে কুঠাৰেৰে ফটচিনাক হত্যা কৰে। ফটচিনাৰ শৰীৰ নটুকুৰা কৰিছিল। এই টুকুৰাবোৰ লিনাৰ্ডাই কষ্টিক চ'ডাৰে চাবোন তৈয়াৰ কৰিবলৈ উতলাইছিল, আনহাতে তেজ অভেনত শুকুৱাই ময়দা, চেনি, চকলেট, কণী আৰু গাখীৰৰ সৈতে মিহলি কৰি কেক তৈয়াৰ কৰিছিল। আচৰিতভাৱে এই কেক তেওঁৰ ঘৰলৈ অহা অতিথিক খুৱাবলৈ ব্যৱহাৰ কৰিছিল (cannibal woman baked her victim into cake)।

    কিদৰে পৰিল আৰক্ষীৰ জালত?

    এইদৰে ৩গৰাকী মহিলাক হত্যা কৰি অতিথিক খুৱাইছিল কেক। ১৯৪০ চনত ফ্ৰান্সেস্কা ছোভি নামৰ এগৰাকী মহিলা আছিল তেওঁৰ দ্বিতীয় চিকাৰ, সেই বছৰতে আন এগৰাকী মহিলাক হত্যা কৰিছিল। প্ৰতিগৰাকীৰ দ্বাৰা পৰিয়াললৈ চিঠি দিয়াইছিল। কিন্তু যেতিয়া আটাইকেইগৰাকী পৰিয়ালে ইয়াক বিশ্বাস কৰিবলৈ টান পাই, তেতিয়াই সন্দেহৰ আৱৰ্তত লিঅ'নাৰ্ডা। পিছত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছিল আৰু ৩০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ১৯৭০ চনৰ অক্টোবৰ মাহত তেওঁ ৭৯ বছৰ বয়সত অপৰাধী আশ্ৰয়ত মৃত্যুবৰণ কৰে।
    Published by:Gautam Barman
    First published: