তেজপুৰ আৰক্ষীৰ জালত ৫ ভুৱা পৰিবহণ বিষয়া। নিশাৰ অন্ধকাৰত যান-বাহনৰ পৰা আদায় কৰে কৰ৷ ট্ৰেফিক কন্ট্ৰ'ল কেম্পৰ নামত ৰচিদ প্ৰদানেৰে এই ৫ ভুৱা পৰিবহন বিষয়াই আদায় কৰি আহিছিল ধন৷
প্ৰতিখন বাহনৰ পৰা ৩০০ টকা আদায় লৈ হাৰাশাস্তি কৰাৰ অভিযোগ তোলাৰ পিছত আৰক্ষীৰ নজৰত পৰে ভুৱা ৫ পৰিবহন বিষয়া। আৰক্ষীয়ে আটক কৰা ৫ ভুৱা পৰিবহণ বিষয়া হৈছে কাল্লু ৰাজা, দীপক কুমাৰ, পৱন কুমাৰ, কাচিম আৰু ৰিজম৷
গুৰুত্বপূৰ্ণ যে আটাইকেইজনৰে ঘৰ উত্তৰ প্ৰদেশত৷ প্ৰৱঞ্চককেইজনে বিভিন্ন জিলাত এনেদৰে চলাই আহিছে কৰ আদায় অভিযান৷ নিশা ভোমোৰাজুৰি দলঙৰ সমীপৰ পৰা আটাইকে আটক কৰে তেজপুৰ আৰক্ষীয়ে৷ দিনটো সোধা–পোছাৰ অন্তত ধৃত ৫ ব্যক্তি সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰক্ষীয়ে৷
Published by: Gautam Barman
FIRST PUBLISHED : August 18, 2022, 23:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|