আমিনগাঁৱৰ কালিবাৰীত সুৰজ সিং নামৰ ১৯ বছৰীয়া এজন যুবকক মৰিয়াই মৰিয়াই হত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমিনগাঁও কালিবাৰীৰ সুৰজ সিং নামৰ যুৱকজনক ৰাজু কুমাৰ পেটেল আৰু পৰিয়ালৰ সদস্যই মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাজু পেটেলৰ পুত্ৰ, কন্যা আৰু পত্নীয়ে সুৰজক দশমী পূজাত অমানুষিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ মতে দশমীৰ দিনা সুৰজ সিং সুৰাসক্ত হৈ ৰাজু কুমাৰ পেটেলৰ ঘৰৰ সমুখত গালি গালাজ কৰাক লৈ অতিষ্ঠ হৈছিল ৰাজু পেটেলৰ পৰিয়াল। সুৰজ সিঙে সুৰাপান কৰি হুলস্থূল কৰাৰ অভিযোগত ৰাজু কুমাৰ পেটেল আৰু পৰিয়ালৰ লোকে নিজ ঘৰৰ চৌহদত নৃশংসভাবে নিৰ্যাতন চলায়। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ সুৰজক মাটিত বগৰাই গছকি গছকি কৰিছিল মাৰপিট।
পিছত সুৰজ সিঙক মুমূৰ্ষূ অৱস্থাত ভৰ্তি কৰা হৈছিল জিএমচিএইছত । চিকিৎসালয়ৰ বিছনাত দুদিন চিকিৎসাৰ অন্তত আজি বিয়লি সুৰজ সিঙৰ চিকিৎসালয়ত মৃত্যু হয়। সুৰজ সিঙৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে উত্তপ্ত হৈ পৰে আমিনগাঁওৰ কালিবাৰী এলেকা। ৰাইজে অভিযুক্ত ৰাজু পেটেলৰ ঘৰৰ চৌহদত প্ৰবেশ কৰি লণ্ড-ভণ্ড কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ঘটনাস্থলীত দণ্ডাধীশ ৰশ্মি প্ৰতাপ সিং আৰু কামৰূপ উপ আৰক্ষী অধিক্ষক কল্যাণ পাঠকসহ আৰক্ষীৰ এক বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকাত অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয়।
সুৰজ সিঙৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে পলায়ন কৰে নিৰ্যাতনকাৰী ৰাজু পেটেলৰ পৰিয়াল । আৰক্ষীয়ে ৰাজু পেটেলৰ ঘৰৰ তলা মৰা কোঠাসমুহৰ তলা ভাঙি তন্ন তন্নকৈ তালাচী চলায় । ইফালে আমিনগাঁও আৰক্ষীয়ে ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো অপৰাধীক কৰায়ত্ব কৰাত সদিচ্ছা নেদেখুৱাৰ অভিযোগ কৰিছে ৰাইজে । দশমীৰ কৰ্তব্যত ব্যস্ত থকা বুলি বিষয়টো এৰাই চলাৰ গুৰুতৰ অভিযোগ তোলে আমিন গাঁও আৰক্ষীৰ বিৰুদ্ধে যাৰ বাবে আজি ঘটনাস্থলীত উপস্থিত আৰক্ষী ৰাইজৰ ককৰ্থনাৰ সন্মুখীন হয়।
উল্লেখ্য যে ৰাজু কুমাৰ পেটেল পছৰীয়া HP পেট্ৰ'ল পাম্পৰ প্ৰবন্ধক। অভিযুক্ত হত্যাকাৰী ৰাজু পেটেলৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী কৰিছে ৰাইজে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|