உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Guwahati Murder Case: ৰহস্য ভেদ হোৱা নাই গুৱাহাটীৰ কৃষ্ণনগৰ হত্যাকাণ্ডৰ, ধৰণী ডেকাৰ স্বীকাৰোক্তিক লৈ বিপাঙত আৰক্ষী

    Guwahati Murder Case: ৰহস্য ভেদ হোৱা নাই গুৱাহাটীৰ কৃষ্ণনগৰ হত্যাকাণ্ডৰ, ধৰণী ডেকাৰ স্বীকাৰোক্তিক লৈ বিপাঙত আৰক্ষী

    Guwahati Murder Case: জ্যেষ্ঠ পুএৰ হাত থকা বুলি অভিযোগ আনিছিল যদিও সেই অভিযোগ নস্যাৎ কৰি "এই হত্যা মই কৰা বুলি এশবাৰ ক'ম" বুলি মন্তব্য কৰি আহিছে ধৰণী ডেকাই ৷

    • Share this:
    এটি গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী হত্যাকাণ্ড ৷ যি হত্যাকাণ্ডই এতিয়া তোলপাৰ লগাইছে ৰাজধানী গুৱাহাটীত ৷ নিজৰ ঘৰৰ গৰাকী তথা ৭০উৰ্ধৰ বৃদ্ধা হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা কৰি দুই স্বামী স্ত্ৰী ক্ৰমে ধৰণী ডেকা আৰু ৰিমি ডেকাই থানাত আত্মসমৰ্পণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলটোত ৷ হত্যাকাৰী স্বামী-স্ত্ৰীৰ অভিযোগৰ বিপৰীতে স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে কৈছিল মৃত হেমধৰ বৰুৱা আছিল অতি সৎ নিকা আৰু অমায়িক ব্যক্তি ৷ হেমধৰ বৰুৱাৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন বুলি কৈছিল সকলোৱে।

    একাংশই আকৌ এই হত্যাকাণ্ডৰ আৰত ধৰণী ডেকাৰ জ্যেষ্ঠ পুএৰ হাত থকা বুলি অভিযোগ আনিছিল যদিও সেই অভিযোগ নস্যাৎ কৰি "এই হত্যা মই কৰা বুলি এশবাৰ ক'ম" বুলি মন্তব্য কৰি আহিছে ধৰণী ডেকাই ৷ দুদিনৰ আৰক্ষীৰ জিম্মাত লোৱা দুই স্বামী-স্ত্ৰী এতিয়াও অটল নিজৰ স্থিতিত ৷ বাৰম্বাৰ পত্নীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ বাবে প্ৰতিশোধ ল'বলৈয়ে হেমধৰ বৰুৱাক হত্যা কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰি আহিছে আৰক্ষীৰ আগত ৷ অৱশ়্য মাজে সময়ে পৰিয়ালটোক টকা দি হেমধৰ বৰুৱাই সহায়ঁ কৰি অহা বুলিও আৰক্ষীৰ আগত ভাষ্য দিছে দুয়ো ৷ যাৰ বাবে আৰক্ষীয়ে এই ভাষ্যৰ ভিত্তিতে দুয়োৰ বিৰুদ্ধে সমল যুগত কৰাত নামি পৰিছে ৷
    Published by:Manjumoni Borah
    First published: