আত্মীয়-স্বজন নথকা দৰিদ্ৰ পৰিয়াল বাবেই সাৰি যাব নেকি হত্যাকাৰী?
আত্মীয়-স্বজন নথকা দৰিদ্ৰ পৰিয়াল বাবেই সাৰি যাব নেকি হত্যাকাৰী?
সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা মৰিয়নিৰ লোমহৰ্ষক ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ দহ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক আটক কৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে। উল্লেখ্য যে যোৱা ২৪ জুনৰ নিশা মৰিয়নি দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাটিসোণাত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড।
লখিমপুৰৰ পৰা কৰ্মৰ সন্ধানত আহি নকছাৰি ভেলেউগুৰিত বহু বছৰে বসতি কৰি থকা সোণটি বৰা নামৰ লোকজনৰ তিনিজনীয়া পৰিয়ালটোক ঘাতকে ঘৰৰ ভিতৰতে দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল (Mariani Triple Murder Case)।
খাটিসোণা অঞ্চলৰ এটা ইটা ভাটাৰ শ্ৰমিক আৱাসত বাস কৰা সোণটি বৰাই দিন হাজিৰা কৰি পৰিয়ালটো ভৰণ-পোষণ দিছিল। যোৱা ২৪ জুনৰ নিশা ঘাতকে সোণটি বৰা, পত্নী টুলু বৰা আৰু ১৮ বছৰীয়া কন্যা মনালিছা বৰাক নৃংশসভাৱে হত্যা কৰা ঘাতকক চিনাক্ত কৰাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত স্থানীয় তৰুণ দাস নামৰ এজন লোক হত্যাকাণ্ড সংঘটিত কৰাটো পোহৰলৈ আহে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অধীক্ষক মোহনলাল মীনাই হত্যাকাৰীক দুই এদিনতে ধৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। কিন্তু দহ দিনৰ পিছতো হত্যাত অভিযুক্ত তৰুণ দাসৰ শুংসূত্ৰকে উলিয়াবলৈ সক্ষম নহ'ল তদন্তকাৰী আৰক্ষী।
আৰক্ষীক এই বিষয়ে প্ৰশ্ন কৰাত তৰুণ দাসৰ সন্ধানত বিভিন্ন ঠাইত অভিযান চলোৱা বুলি উল্লেখ কৰে। তেন্তে ক'ত লুকাল হত্যাকাৰী তৰুণ দাস? দহ দিনৰ পিছতো কিয় মৰণোত্তৰ প্ৰতিবেদন লাভ কৰা নাই যোৰহাট আৰক্ষীয়ে? তিনিজনীয়া দৰিদ্ৰ পৰিয়ালটোক তৰুণ দাসে অকলে দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিলনে? নে এই ঘটনাৰ লগত ঘাতক তৰুণ দাসৰ লগত আৰু অন্য লোকো জড়িত আছিল? কন্যাসম মনালিছা বৰাৰ সৈতে পঞ্চাশোৰ্ধ্বৰ তৰুণ দাসৰ কি সম্পৰ্ক আছিল ? হত্যাৰ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল নেকি গাভৰু মনালিছা?
সোণটি বৰাৰ ঘৰলৈ সঘনে কোন কোন বিশেষ ব্যক্তিৰ আহ-যাহ আছিল? আত্মীয়-স্বজন নথকা দৰিদ্ৰ পৰিয়াল বাবেই সাৰি যাব নেকি হত্যাকাৰী? এই মুহূৰ্তত ৰাইজৰ মনত এনে অজস্ৰ প্ৰশ্নৰ সৃষ্টি হৈছে। তিনিজনকৈ লোকক নিৰ্মমভাৱে দাৰে ঘপিয়াই হত্যা কৰাৰ দৰে জঘন্য ঘটনা মৰিয়নিত ইয়াৰ পূৰ্বে কেতিয়াও সংঘটিত হোৱা নাই। মানৱতাক লজ্জানত কৰা অমানৱীয় পাশাবিক ঘটনা সংঘটিত কৰা হত্যাকাৰীক চিনাক্ত কৰা পিছতো স্মাৰ্ট অসম আৰক্ষীয়ে দহ দিনে শুংসূত্ৰকে উলিয়াবলৈ সক্ষম নোহোৱাটো লজ্জাজনক বুলি অভিহিত কৰিছে মৰিয়নি আৰু নকছাৰীৰ সচেতন মহলে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|