ৰাজস্থানৰ চুৰুৰ এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ চালাচৰ থানাৰ অন্তৰ্গত এখন গাঁৱত বুধবাৰে দিনত এগৰাকী শিক্ষকে মৰিয়াই মৰিয়াই হত্যা কৰে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰক। ১৩ বছৰীয়া ছাত্ৰজনে গৃহকাৰ্য নকৰি গৈছিল বিদ্যালয়লৈ।
শিক্ষকজনে ছাত্ৰজনক মাটিত পেলাই লৈ গুৰিয়াই গুৰিয়াই বৰ বেয়াকৈ প্ৰহাৰ কৰে। নাকত ঘূচিয়াই দিয়াৰ ফলত ছাত্ৰজনৰ নাকেৰে তেজ ওলায়। আৰু বেহুচ হৈ পৰে। বহুসময় ধৰি জ্ঞান ঘূৰি নহাত ছাত্ৰজনক অভিযুক্ত শিক্ষকজনেই হাস্পতাললৈ লৈ যায়। আৰু ডাক্তৰে ছাত্ৰজনক মৃত ঘোষণা কৰে।
মৃত ছাত্ৰজনৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক। আনহাতে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱা পৰ্যন্ত স্কুলখন বন্ধ কৰি দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|