உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Teacher Appointment Scam: নাজিৰাতো আছে এহেজাৰতকৈ অধিক ভুৱা শিক্ষক, RTIৰ পাতে পাতে ভুৱা শিক্ষকৰ নাম

    Teacher Appointment Scam: নাজিৰাতো আছে এহেজাৰতকৈ অধিক ভুৱা শিক্ষক, RTIৰ পাতে পাতে ভুৱা শিক্ষকৰ নাম

    Teacher Appointment Scam: অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ আৰটিআই তথ্যৰ ভিত্তিত লাভ কৰা তালিকাত আছে বহু ভুৱা শিক্ষকৰ নাম৷ 

    Teacher Appointment Scam: অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ আৰটিআই তথ্যৰ ভিত্তিত লাভ কৰা তালিকাত আছে বহু ভুৱা শিক্ষকৰ নাম৷ 

    Teacher Appointment Scam: অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ আৰটিআই তথ্যৰ ভিত্তিত লাভ কৰা তালিকাত আছে বহু ভুৱা শিক্ষকৰ নাম৷ 

    • Share this:
    ১৯৯১ চনৰ পৰা ২০০১ চনলৈকে অগপ আৰু কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাতো শিক্ষক নিযুক্তি কেলেংকাৰী (Teacher Appointment Scam)ৰ ন-ন তথ্য পোহৰলৈ আহিছে৷ অসম নৱ নিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই ৭১ পৃষ্ঠা জোৰা এখন তালিকাত থকা ভুৱা শিক্ষক (Fake Teacher)ৰ নাম প্ৰকাশ কৰিছে৷
    অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ হাতত আটক হোৱা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ  মাৰাথান জেৰা অব্যাহত ৰাখিছে৷

    অবিভক্ত শিৱসাগৰ (Sivasagar) জিলাৰ বিভিন্ন থানাত দিগন্ত শইকীয়াই ভুৱা শিক্ষক নিযুক্তিৰ ওপৰত এজাহাৰ দাখিল কৰাৰ লগতে ভুৱা শিক্ষকসকলৰ নাম উল্লেখ কৰি  নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু নাজিৰা মহকুমাৰ শিমলুগুৰি আৰু নাজিৰা থানাত ২০১৯ চনত দাখিল কৰা এজাহাৰৰ ভিত্তিত কোনো এখন আৰক্ষী থানাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে দিগন্ত শইকীয়াই৷

    দিগন্ত শইকীয়াই নিউজ ১৮ক জনোৱা মতে নাজিৰা মহকুমাত এহেজাৰতকৈ অধিক শিক্ষকে নাজিৰা মহকুমাত শিক্ষকৰ চাকৰি কৰি আছে৷ ইয়াৰে নাজিৰা থানাত ১২৮ জন আৰু শিমলুগুৰি আৰক্ষী থানাত ৭৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল দিগন্ত শইকীয়াই৷ ইয়াৰ উপৰিও শিৱসাগৰ আৰু চৰাইদেউ জিলাত মুঠ ১৩ টা গোচৰ ৰুজু কৰিছে দিগন্ত শইকীয়াই ।

    দিগন্ত শইকীয়াই RTI যোগে লাভ কৰা শিক্ষক নিযুক্তি তালিকাত স্পষ্টভাবে উল্লেখ আছে শিক্ষক সকলৰ জন্ম আৰু চাকৰিত যোগদানৰ তাৰিখ৷ ৰাজ্য জোকাৰি যোৱা শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত সকলোকে তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে দিগন্ত শইকীয়াই ।
    Published by:Manjumoni Borah
    First published: