চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ম'ন জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। ম'ন জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে কঠোৰ স্থিতি গ্ৰহণ কৰা টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়ন ( টাছু )ৰ একছন কমিটিৰ চেয়াৰমেন আহুৱা কন্যাকক দুৰ্বৃত্তই নৃশংসভাবে ঘপিয়াই হত্যা কৰে।
উল্লেখ্য যে, নাগালেণ্ডৰ ম'ন জিলাত ভয়াবহ ৰূপত গা কৰি উঠা ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সংগঠন আৰু নাগা জনগোষ্ঠীৰ সংগঠনে শেহতীয়াকৈ কঠোৰ স্থিতি লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। তেনে ঘটনাৰে অংশ বিশেষত আজি ‘‘টাছু’’ৰ একশ্যন কমিতিৰ চেয়াৰমেন আহুৱা কন্যাকে একাংশ স্থানীয় নাগা লোকক লগত লৈ টিজিট, নামছা আদি অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছিল। অভিযানৰ সময়ত এজন নাগা ড্ৰাগছ আসক্তক আটক কৰে আহুৱা কন্যাকৰ দলটোৱে। পাছত ড্ৰাগছ আসক্তক লগত লৈ নামচা ফানতম কলনীত ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলাবলৈ যাওঁতেই অৰ্তকিতে ড্ৰাগছ মাফিয়া চক্ৰৰ সদস্যই আহুৱা কন্যাকক চোকা দাৰে আক্ৰমণ কৰে। চোকা দাৰ উপৰ্যুপৰি ঘাপত আহুৱা কন্যাক থিতাতে নিহত হয়।
ইয়াৰ পিছতেই স্থানীয় নাগা ৰাইজে উত্তেজিত হৈ ড্ৰাগছ মাফিয়া আক্ৰমণকাৰীৰ ঘৰটো জ্বলাই দিয়ে। আক্ৰমণকাৰী মেনচান কন্যাকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও নামচা আৰক্ষী থানাত আত্মসমৰ্পন কৰে। এই ঘটনাৰ পিছতেই "টাছু"য়ে অহা ২৪ ঘন্টাৰ বাবে নাগালেণ্ডৰ "টিজিট টাউন"বন্ধৰ ঘোষণা কৰিছে। সম্প্ৰতি চৰাইদেউ জিলাৰ চুবুৰীয়া নাগালেণ্ডৰ ম'ন জিলাত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 26, 2023, 11:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।