ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ছেক্টৰ-৩ৰ অইল টেংকাৰ পাৰ্কিং স্থানত।
ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ছেক্টৰ-৩ৰ অইল টেংকাৰ পাৰ্কিং স্থানত।
মানুহৰ মাজত নোহোৱা হৈছে মানৱতা। এটা সাধাৰণ কথাৰ বাবেই এজন গাড়ী চালকে সতীৰ্থ চালকক লোৰ লিভাৰেৰে মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ছেক্টৰ-৩ৰ অইল টেংকাৰ পাৰ্কিং স্থানত।
উল্লেখযোগ্য যে মহানগৰী মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰৰ সমীপৰ বাসিন্দা প্ৰবীৰ কুমাৰ ৰায়ে ছেক্টৰ-৩ত অইল টেংকাৰ চলাই তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছিল। অমায়িক স্বভাৱৰ প্ৰবীৰ কুমাৰে টেংকাৰৰ মালিক নিতুল দাসৰ অতি ঘনিষ্ঠ আছিল। মালিকৰ লগত অতি ঘনিষ্ঠতাৰ বাবেই প্ৰবীৰ কুমাৰ ৰায়ৰ লগত বহু চালকৰ সংঘাত আছিল। কিয়নো টেংকাৰৰ চালক নিযুক্তিৰ ক্ষেত্ৰত প্ৰবীৰে মালিকক সহায় কৰি আহিছিল।
ইয়াকে লৈ দুই মাহ পূৰ্বে চালক প্ৰবীৰৰ লগত চাবুৱাত আন এজন চালক ৰঞ্জিত দাসৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল। বৃহস্পতিবাৰে প্ৰবীৰে কর্তব্য সমাধা কৰি অইল টেংকাৰ পাৰ্কিং স্থানলৈ আহি তাচপাত খেলি আছিল। এনেতে ৰঞ্জিত দাস ওচৰলৈ অহাত প্ৰবীৰে তেওঁক সেই স্থানলৈ অহাৰ কথা সোধে। অৱশ্যে ৰঞ্জিত দাসে কোনো উত্তৰ নিদিয়াকৈ আঁতৰি যায়।ক্ষন্তেক সময়ৰ পিছত ৰঞ্জিত দাসে অইল টেংকাৰ এখনৰ পৰা লোৰ লিভাৰ এডাল লৈ পিছফালৰ পৰা আহি প্ৰবীৰক মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰে। লগে লগে আঘাতপ্ৰাপ্ত প্ৰবীৰ মাটিত ঢলি পৰে।
ততাতৈয়াকৈ ওচৰতে থকা একাংশ সতীৰ্থ চালকে প্ৰবীৰক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গেট হাস্পতালত ভৰ্তি কৰায়। যদিও চিকিৎসাধীন অৱস্থাত প্ৰবীৰে কিছু সময় পিছতেই মৃত্যুক সাবটি লয়। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এটা কন্যা সন্তানৰ পিতৃ প্ৰবীৰৰ মৃত্যুত পৰিয়ালটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে আৰক্ষীয়ে হত্যাকাৰী ৰঞ্জিত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা হত্যা কাণ্ডত ব্যৱহাৰ কৰা লোৰ লিভাৰ দাল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|