• Home
  • »
  • News
  • »
  • crime
  • »
  • ভাৰত-ভূটান সীমান্তত ড্ৰাগছসহ ধৰা পৰিল ২২ বছৰীয়া যুৱক...

ভাৰত-ভূটান সীমান্তত ড্ৰাগছসহ ধৰা পৰিল ২২ বছৰীয়া যুৱক...

তামুলপুৰ মহকুমাৰ দক্ষিণ কুমাৰীকাটাত শুক্ৰবাৰে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এজন যুৱকৰ পৰা বৰবিষ হেৰ'ইন ভৰ্তি দহটা কন্টেইনাৰ জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ১২.৯৪ গ্ৰাম । আৰক্ষীয়ে যুৱকজনৰ জিম্মাৰ পৰা বাইক এখন জব্দ কৰে ।

  • Share this:
সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতেও কিন্তু তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত এচাম দুষ্ট চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই গৈছে ।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়েও ন ন কৌশলেৰে অভিযান চলাই লাভ কৰিছে বৃহৎ সফলতা । সেইদৰে তামুলপুৰ মহকুমাৰ দক্ষিণ কুমাৰীকাটাত  শুক্ৰবাৰে আবেলি  কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এজন যুৱকৰ পকেটৰ পৰা বৰবিষ হেৰ'ইন ভৰ্তি দহটা কন্টেইনাৰ জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ১২.৯৪ গ্ৰাম । আৰক্ষীয়ে যুৱকজনৰ জিম্মাৰ পৰা বাইক এখন জব্দ কৰে । উল্লেখ্য যে আৰক্ষীয়ে আটক কৰা যুৱকজন ভাৰত-ভূটান সীমান্তৰ পাটকিজুলী গাঁও নিবাসী ২২ বছৰীয়া প'লচন মোছাহাৰী । যুৱকজনে ড্ৰাগছ সৰবৰাহৰ বাবে দক্ষিণ কুমাৰীকাটাৰ সমীপত ৰঙিয়া-ভূটান পথত ৰৈ আছিল । ৰৈ থকা অৱস্থাতে যুৱকজনক আটক কৰে আৰক্ষীয়ে । সম্প্ৰতি আটকাধীন যুৱকজনক কুমাৰীকাটা আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published: