உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • পকেটত ড্ৰাগছৰ ছিৰিঞ্জ, চলায় দামী বাইক, সুযোগ পালেই বাইকেৰে কৰে ছাগলী চুৰি

    পকেটত ড্ৰাগছৰ ছিৰিঞ্জ, চলায় দামী বাইক, সুযোগ পালেই বাইকেৰে কৰে ছাগলী চুৰি

    চুৰি ছাগলী ক্ৰয় কৰা ব্যৱসায়ী ছফিকুল ইছলামকো ছাগলীসহ আৰক্ষীয়ে কৰায়ত্ত কৰিছে ।

    চুৰি ছাগলী ক্ৰয় কৰা ব্যৱসায়ী ছফিকুল ইছলামকো ছাগলীসহ আৰক্ষীয়ে কৰায়ত্ত কৰিছে ।

    চুৰি ছাগলী ক্ৰয় কৰা ব্যৱসায়ী ছফিকুল ইছলামকো ছাগলীসহ আৰক্ষীয়ে কৰায়ত্ত কৰিছে ।

    • Share this:

    যোৰহাটৰ এটা পথেৰে দ্ৰুতবেগত আগবঢ়িছে এখন বাইক। বাইক আৰোহী দুই যুৱকৰ মাজত দেখা গৈছে এটা ছাগলী । বাইকেৰে ছাগলী চুৰিৰ এই দৃশ্য বন্দী হৈ ৰৈছিল চিচিটিভি কেমেৰাত । স্পষ্ট এই ছাগলী চোৰৰ ফটোৰ আঁত ধৰিয়েই আৰম্ভ হৈছিল অনুসন্ধান। আৰু অৱশেষত স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ জালত পৰিল ছাগলী চোৰ যুৱক। পথৰ কাষত চৰি থকা ছাগলী এনেদৰে বাইকত চুৰ কৰি নি বিক্ৰী কৰাটো একাংশ যুৱকে সহজে ধন ঘটাৰ কৌশল ৰূপে ব্যৱহাৰ কৰি আহিছে। এইবাৰ এই কাৰ্য সংঘটিত কৰা যুৱকজন ড্ৰাগছ আসক্ত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা এখন বাইকত ছাগলী চুৰ কৰি নিয়া শিৱা দাস নামৰ যুৱকজনক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে সোমবাৰে বিয়লি কৰায়ত্ত কৰে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে সন্দেহজনক ড্ৰাগছ থকা এটা চিৰিঞ্জ উদ্ধাৰ কৰিছে। আনহাতে চুৰি ছাগলী ক্ৰয় কৰা ব্যৱসায়ী ছফিকুল ইছলামকো ছাগলীসহ আৰক্ষীয়ে কৰায়ত্ত কৰিছে।  চুৰি কাৰ্যত লিপ্ত থকা আনজন সহযোগীকো আৰক্ষীয়ে অচিৰেই কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিছে ।


    লকডাউনৰ মাজত বিশেষকৈ ড্ৰাগছ আসক্ত যুৱকসকল শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেদৰে যিকোনো পন্থাৰে নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰিবলৈ ব্যস্ত হৈ পৰিছে। সেয়েহে হয়তো শেহতীয়াকৈ লকডাউন বলৱৎ থকা সময়ছোৱাত চুৰিৰ ঘটনা ব্যাপক ৰূপে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কিবা খবৰ থাকিলে তাৎক্ষণিকভাৱে যোৰহাট আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে ।

    Published by:Gautam Barman
    First published: