সমগ্ৰ নামনি অসমৰ লগতে ধুবুৰী জিলাৰ তামাৰহাটতো ব্লেক মেনৰ আতংকই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। প্ৰশাসনে বাৰম্বাৰ ই এক ভূৱা অপপ্ৰচাৰ বুলি ৰাইজক আহ্বান জনোৱা সত্বেও নামনি অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্লেক মেনৰ আতংক। তামাৰহাট অঞ্চলত বৰ্তমান ক'লা কাপোৰ পিন্ধা (ব্লেক মেন) মানুহৰ আতংক অব্যাহত আছে । সন্ধিয়া হ'লেই সৰু সৰু ল'ৰা-ছোৱালী তথা সাধাৰণ ৰাইজ ঘৰৰ পৰা ওলাবলৈ সাহস কৰা নাই । প্ৰত্যেক দিনেই ৰাতি হ'লেই ক'ৰবাত বা নহয় ক'ৰবাত বা ক'লা কাপোৰ পিন্ধা মানুহক কোনোবাই দেখা পাই চিঞৰ-বাখৰ আৰম্ভ কৰি দিয়ে । লগে লগেই আৰম্ভ হয় হুলস্থূলীয়া পৰিবেশৰ ।
এনে সময়তে মঙলবাৰ নিশা প্ৰায় ৯:৩০ মান বজাত তামাৰহাট থানাৰ অন্তৰ্গত নাটাবাৰী তৃতীয় খণ্ড গাঁৱত দুজন অচিনাকী দুৰ্বৃত্তই ক'লা কাপোৰ পৰিধান কৰি তামাৰহাট গেছ ছিলিণ্ডাৰ গোডাউনৰ সমিপত ৰাস্তাত আগছি ধৰি ময়নাল আলী নামৰ যুৱকজনক চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি পলাই যায়। পিছত যুৱক জনৰ চিঞৰ-বাখৰ শুনি ঘটনাস্থলিত ৰাইজ উপস্থিত হৈ আঘাত প্ৰাপ্ত যুৱক জনক ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত লৈ যায়। কিন্তু যুৱক জনৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে পশ্চিম বংগৰ কোচবিহাৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছ।
ইপিনে ভুক্তভোগী পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাটো ব্লেক মেনেই সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে যদিও আচলতে ঘটনাৰ লগত জড়িত দুৰ্বৃত্ত দুজন ব্লেক মেনৰ সাজত আক্ৰমণ সংঘটিত কৰিছে বুলি সন্দেহ ব্যক্ত কৰিছে।
আনহাতে ধুবুৰী জিলা অসম বাঙালী ফেডাৰেচনৰ সভাপতি বাবলু সৰকাৰে জনোৱা মতে, দুষ্ট চক্ৰই ব্লেক মেনৰ ৰূপত দুষ্কাৰ্যত লিপ্ত হৈছে। আৰক্ষী প্ৰশাসনে এয়া ভুৱা অপপ্ৰচাৰ বুলি ৰাইজক আহ্বান জনোৱা সত্বেও নামনি অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্লেক মেনৰ আতংক। আৰক্ষী প্ৰশাসনক সষ্টম হ'বলৈ আৰু গাওঁৰক্ষী বাহিনীক ৰাতিৰ পহৰাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ আহব্বান জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|