অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এটা বছৰৰ পাচতো যেন ওৰ পৰা নাই মৃত্যু ৰহস্য। বিগত বৰ্ষত চিবিআইয়ে ঘনে ঘনে জেৰা চলোৱা সুশান্তৰ প্ৰাক্তন ফ্লেটমেট সিদ্ধাৰ্থ পিথানিৰ গ্ৰেপ্তাৰে বহু ন ন তথ্য উন্মোচিত কৰাৰো সম্ভাৱনা প্ৰকট।
এতিয়াও বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য ওৰ পৰা নাই। নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰো (NCB)য়ে শুকুৰবাৰে প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানিক ড্ৰাগছ সম্পৰ্কীয় এটা গোচৰত হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে। পিথানিক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে NCBৰ এজন বিষয়াই নিশ্চিত কৰিছে।
সুশান্তৰ মৃত্যুৰ সৈতে জড়িত বলীউড-ড্ৰাগছ মাফিয়া তদন্ত গোচৰত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শ্বইক আৰু অন্যান্যকে ধৰি ৩৩ জন লোকৰ বিৰুদ্ধে ১২,০০০ পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰাৰ প্ৰায় আঢ়ৈ মাহ পিছত গ্ৰেপ্তাৰ কৰা হৈছে পিথানিক।
৫ মাৰ্চত, সুশান্তৰ মৃত্যুৰ বিত্তীয় দিশবোৰৰ তদন্ত কৰি থকা প্ৰৱৰ্তন সঞ্চালকালয়ৰ পৰা খবৰ দিয়াৰ পিছত ড্ৰাগ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দ্বাৰা পঞ্জীয়ন কৰা দুটা গোচৰৰ পিছত মুম্বাইৰ বিশেষ এনডিপিএছ আদালতত এনচিবিৰ অভিযোগপত্ৰ দাখিল কৰা হৈছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো আৰু নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৱে পূৰ্বে পিথানিক জেৰা কৰিছিল। ২০২০ চনৰ ছেপ্টেম্বৰত চিবিআইয়ে(CBI) তেওঁক একেৰাহে কেইবাদিনো জেৰা কৰিছিল।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ ১৪ জুন তাৰিখে বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মুম্বাইস্থিত বন্দ্ৰা এপাৰ্টমেণ্ট উদ্ধাৰ কৰা মৃতদেহৰ সম্বন্ধে প্ৰথমাৱস্থাত আত্মহত্যা বুলিয়ে খবৰ বিয়পি পৰিছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাই লৈছিল এক অন্য মোৰ। ঘটনাৰ জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অভিনেতা গৰাকীৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক তদন্তৰ আওতালৈ আনিছিল আৰু পৰৱৰ্তী সময়ত মুঠ ৩৩ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল।
অতি কম সময়তে বলীউডৰ জনপ্ৰিয় অভিনেতাৰ শাৰীলৈ উন্নীত হোৱা সুশান্ত সিং ৰাজপুতৰ ছবি এম এছ ধোনীয়ে বহুল জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ অভিনয় শৈলীৰ একক আৰু অনন্য ৰূপৰ বাবেই মৰণোত্তৰভাৱেও বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অভিনেতা।
শেহতীয়াকৈ অভিনেতাগৰাকীৰ প্ৰাক্তন ফ্লেটমেট পিথানিৰ গ্ৰেপ্তাৰৰ পাচতেই এই গোচৰৰ ক্ষেত্ৰত বহু ন ন তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা দেখা দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|