মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Rice Smuggling : যোগান বিভাগৰ চাউলৰ চোৰাং বেহা, শিৱসাগৰত বস্তাই বস্তাই সুলভ মূল্যৰ চাউল জব্দ, আঁৰত কোন?

Rice Smuggling : যোগান বিভাগৰ চাউলৰ চোৰাং বেহা, শিৱসাগৰত বস্তাই বস্তাই সুলভ মূল্যৰ চাউল জব্দ, আঁৰত কোন?

মালবাহী গাড়ীৰখনৰ চালক অভিজিৎ বৰাক আটক কৰিছে  আৰক্ষীয়ে।

মালবাহী গাড়ীৰখনৰ চালক অভিজিৎ বৰাক আটক কৰিছে  আৰক্ষীয়ে।

মালবাহী গাড়ীৰখনৰ চালক অভিজিৎ বৰাক আটক কৰিছে  আৰক্ষীয়ে।

  • Share this:
শিৱসাগৰত বস্তাই বস্তাই জব্দ সুলভ মূল্যৰ চোৰাং চাউল। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি  অবৈধভাৱে তথা চোৰাংকৈ  বিক্ৰী কৰা ৩০ কুইন্টলৰো অধিক চাউল জব্দ কৰিবলৈ সক্ষম হৈছে জয়সাগৰ আৰক্ষীয়ে।

শিৱসাগৰ জয়সাগৰ আৰক্ষীয়ে অভিযান চলাই  AS04-BC-7782 নম্বৰৰ মালবাহী গাড়ীখনত উদ্ধাৰ কৰে চোৰাংকৈ বিক্ৰী কৰা সুলভ মূল্যৰ চাউলখিনি।

শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ VISHALৰ সন্মুখৰ পৰা নামতী অভিমুখে সৰবৰাহ কৰোঁতেই জব্দ কৰা হয় চাউলখিনি।

সুলভ মূল্য  দোকানৰ এজেণ্ট ছানী বৰাৰ দোকানৰ পৰা নামতী চাৰিআলিৰ আটিকুৰ ৰহমানৰ বাবে লৈ যোৱা হৈছিল চাউলখিনি। মালবাহী গাড়ীৰখনৰ চালক অভিজিৎ বৰাক আটক কৰিছে  আৰক্ষীয়ে।

কিন্তু  বস্তাই বস্তাই যোগান বিভাগৰ চাউলৰ চোৰাং বেহা চলাবলৈ কেনেকৈ অসাধু চক্ৰ  সক্ষম হৈছে তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। যোগান বিভাগৰ কোনো বিষয়া–কৰ্মচাৰীৰ ছত্ৰছায়াত এনে চোৰাং কাৰবাৰ কৰিবলৈ সাহস কৰিছে নেকি অসাধু চক্ৰই?   এই কাণ্ডৰ উচিত তদন্ত কৰি ৰৌ–বৰালিক জালত পেলাবলৈ আৰক্ষী সক্ষম হ'বনে? বৰ্তমান এনে প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে।

শেহতীয়া বাতৰি