অসমত মাফিয়াৰ সমাহাৰ, এইবাৰ আৰক্ষীৰ জালত চুপাৰী মাফিয়া আব্দুল হান্নান

News18 Assam | News18-Assam
Updated:July 19, 2021, 6:23 PM IST
অসমত মাফিয়াৰ সমাহাৰ, এইবাৰ আৰক্ষীৰ জালত চুপাৰী মাফিয়া আব্দুল হান্নান
আৰক্ষীয়ে তদন্ত চলাই বাৰ্মিজ চুপাৰী চক্ৰটোৰ মাষ্টাৰমাইণ্ড গোলাঘাটৰ আব্দুল হান্নান বুলি জানিব পাৰে।

আৰক্ষীয়ে তদন্ত চলাই বাৰ্মিজ চুপাৰী চক্ৰটোৰ মাষ্টাৰমাইণ্ড গোলাঘাটৰ আব্দুল হান্নান বুলি জানিব পাৰে।

  • Share this:

চুপাৰী মাফিয়া আব্দুল হান্নানক গ্ৰেপ্তাৰ৷ কঁহৰা আৰক্ষী চকীত আব্দুল হান্নান ওৰফে বাবল্লুক মাতি আনি আটক কৰাৰ পিছত বঙাইগাঁও আৰক্ষীয়ে জিম্মাত আনে ৷ বঙাইগাঁও আৰক্ষী থানাৰ এক গোচৰৰ ভিত্তিত ব‌ঙাইগাঁও আৰক্ষীয়ে নিশাই গোলাঘাটৰ পৰা আব্দুল হান্নানক লৈ বঙাইগাঁৱলৈ ৰাওনা হয়।


সোমবাৰে বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছত আব্দুল হান্নানৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ৷  ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ৪১৩/৪২০/৪৬৮/৪৭১নং ধাৰাৰ অধীনত বঙাইগাঁও থানাত  ৪৬০/২১নং গোচৰৰ ভিত্তিত আব্দুল হান্নানক গ্ৰেপ্তাৰ কৰে ৷ গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবল্লুক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ শেহতীয়াভাৱে বঙাইগাঁও থানাৰ অন্তৰ্গত চৌৰাগুৰি, গৰাইমাৰী আদি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷



এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত চলোৱাত বাৰ্মিজ চুপাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হিচাপে গোলাঘাটৰ আব্দুল হান্নানৰ নাম পোহৰলৈ আহে৷ বঙাইগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বাৰ্মিজ চুপাৰী ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷

Published by: Gautam Barman
First published: July 19, 2021, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি