ছুপাৰীমাফিয়া আব্দুল হান্নান আলি ওৰফে বাবলুক জেল হাজোতলৈ প্ৰেৰণ ৷ GMCHৰ পৰা আনি আৰক্ষীয়ে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত জে'ললৈ প্ৰেৰণ কৰে ৷ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলু সুস্থ হৈ উঠাৰ পিছতে বঙাইগাঁও সদৰ আৰক্ষী থানালৈ অনা হৈছিল ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালে আব্দুল হান্নানক ৰিলিজ দিয়াৰ পিছতে জিম্মাত লয় ৷
যোৰহাটৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আব্দুল হান্নান আলীয়ে পলায়নৰ চেষ্টা চলাওতে ভৰিত গুলীবিদ্ধ হ’বলগীয়া হৈছিল। পৰৱৰ্তী সময়ত গুলীবিদ্ধ হান্নানক উপযুক্ত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন আব্দুল হান্নানক আৰক্ষীয়ে নিজ জিন্মাত লৈ নিশা বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত জে'ললৈ প্ৰেৰণ কৰে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : July 27, 2021, 11:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।