এই পৰ্যন্ত আদালতে কোনোধৰণৰ ৰায় দিয়া নাই। কিন্তু আদালতৰ ৰায়লৈ ৰওতে ৰওতে পুত্ৰৰ মৃতদেহ ডীপ ফ্ৰীজত ৰখাৰ ১৭ দিন হৈ গ'ল।
এই পৰ্যন্ত আদালতে কোনোধৰণৰ ৰায় দিয়া নাই। কিন্তু আদালতৰ ৰায়লৈ ৰওতে ৰওতে পুত্ৰৰ মৃতদেহ ডীপ ফ্ৰীজত ৰখাৰ ১৭ দিন হৈ গ'ল।
উত্তৰপ্ৰদেশ (Uttar Pradesh)ৰ চুলতানপুৰ (Sultanpur)ত এজন পিতৃয়ে ১৭ দিন ধৰি নিজ পুত্ৰৰ মৃতদেহ ডীপ ফ্ৰীজাৰত থৈ ন্যায়ৰ অপেক্ষাত আছে। হত্যাৰ সন্দেহ কৰি পুত্ৰৰ শৱদেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনাই এনেদৰে পুত্ৰৰ মৃতদেহ ফ্ৰীজত থৈ দিছে। আৰক্ষী-প্ৰশাসনে যেতিয়া লোকজনৰ অনুৰোধক ভ্ৰুক্ষেপ নকৰিলে তেতিয়া লোকজনে আদালতৰ দ্বাৰস্থ হ'বলৈ বাধ্য হয়। এতিয়া ন্যায়ালয়ে পুনৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে নে নিদিয়ে তালৈ বাট চাই আছে পৰিয়ালয়োৱে।
ঘটনাটো চুলতানপুৰৰ সুবেদাৰ পাঠক গাঁওখনৰ। গাঁওখনৰ শিৱ কুমৰ পাঠক নামৰ লোকজনৰ পুত্ৰ শিৱাংশই দিল্লীৰ এজন সহযোগী বৰুণ বাৰ্মাৰ সৈতে এক্সিগো ইনফোটেক নামৰ এটা কোম্পানী চলাই আছিল। কোম্পানীটোৰ এইছআৰ (HR) গুৰমীট কৌৰৰ সৈতে শিৱাংশৰ বন্ধুত্ব হয় আৰু দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। শেষত ২০১৩ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয়।
শিৱাংশ আৰু গুৰমীটৰ এটি এবছৰীয়া কন্যাও আছে। ইয়াৰ মাজতে ১ আগষ্টত ৰহস্যজনক পৰিস্থিতিত শিৱাংশৰ মৃত্যু হয়। পৰিয়ালৰ অভিযোগ যে পত্নী গুৰমীট আৰু শিৱাংশৰ সহযোগী বৰুণে মিলি সম্পত্তিৰ লোভত শিৱাংশৰ হত্যা কৰিছে। ঘটনাৰ পিছতে দিল্লীৰ বেগমপুৰ থানাত শিৱাংশৰ ভাতৃয়ে এজাহাৰ দিবলৈ গৈছিল যদিও আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰিলে। মৰণোত্তৰ পৰীক্ষাতো দিল্লী আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ কৰিছে পৰিয়ালে।
দিল্লীত ন্যায় নাপাই শিৱাংশৰ মৃতদেহ চুলতানপুৰলৈ লৈ আহে পিতৃয়ে। কিন্তু জিলা আৰক্ষী আৰু প্ৰশাসনেও কোনো গুৰুত্ব নিদিয়াত দিল্লীৰ দেৱানী আদালতত পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনাই গোচৰ তৰে পিতৃয়ে। অৱশ্যে এই পৰ্যন্ত আদালতে কোনোধৰণৰ ৰায় দিয়া নাই। কিন্তু আদালতৰ ৰায়লৈ ৰওতে ৰওতে পুত্ৰৰ মৃতদেহ ডীপ ফ্ৰীজত ৰখাৰ ১৭ দিন হৈ গ'ল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|