মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Nagaon : নগাঁৱত ক্ৰিকেটৰ বেটেৰে ছাত্ৰক দলবদ্ধ প্ৰহাৰ, গুৰুতৰভাৱে আহত অৱস্থাত হাস্পতালত ভৰ্তি

Nagaon : নগাঁৱত ক্ৰিকেটৰ বেটেৰে ছাত্ৰক দলবদ্ধ প্ৰহাৰ, গুৰুতৰভাৱে আহত অৱস্থাত হাস্পতালত ভৰ্তি

বিদ্যামন্দিৰ জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰগৰাকীক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

  • Share this:

ৰক্তাক্ত হৈ পৰিল নগাঁও চহৰৰ যজ্ঞেশ্বৰ শৰ্মা পথ। ক্ৰিকেটৰ বেটেৰে এজনক দলবদ্ধভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিলে একাংশ উদণ্ড যুৱকে। নগাঁৱৰ ফৌজদাৰীপট্টিৰ আছিকুল আলী নামৰ যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আন একাংশ যুৱকে।

ক্ৰিকেটৰ বেট আৰু ইটাৰে প্ৰহাৰ কৰাৰ ফলত মুমূৰ্ষু হৈ পৰা আছিকুলক একাংশ প্ৰত্যক্ষদৰ্শীয়ে ভৰ্তি কৰায় নগাঁও অসামৰিক চিকিৎসালয়ত।

ইপিনে আন একাংশ পথচাৰীয়ে এই ঘটনাৰ সৈতে জড়িত ৰাহুল বৰা আৰু আয়েশ আলম নামৰ কলেজীয়া ছাত্ৰ দুজনক কৰায়ত্ত কৰি ৰাজপথত আঁঠু কঢ়াই আৰক্ষীৰ হাতত গতাই দিয়ে । অৱশ্যে দলবদ্ধ আক্ৰমণৰ সৈতে জড়িত বাকীসকল যুৱকে পলায়ন কৰে । কি কাৰণত বিদ্যামন্দিৰ জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰগৰাকীক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

শেহতীয়া বাতৰি