মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »NAGAON : স্মাৰ্ট চোৰে কুৰিয়াৰেৰে সঘনে চুৰি মোবাইল মুম্বাইৰ পৰা প্ৰেৰণ কৰিছিল হোজাইৰ ঘৰলৈ, ১২ লাখ টকাৰ ম'বাইল উদ্ধাৰ

NAGAON : স্মাৰ্ট চোৰে কুৰিয়াৰেৰে সঘনে চুৰি মোবাইল মুম্বাইৰ পৰা প্ৰেৰণ কৰিছিল হোজাইৰ ঘৰলৈ, ১২ লাখ টকাৰ ম'বাইল উদ্ধাৰ

লংকা আৰক্ষী থানাৰ বিষয়াৰ টেবুলত উঠিছে চুৰি মোবাইলৰ উজান। 

লংকা আৰক্ষী থানাৰ বিষয়াৰ টেবুলত উঠিছে চুৰি মোবাইলৰ উজান। 

লংকা আৰক্ষী থানাৰ বিষয়াৰ টেবুলত উঠিছে চুৰি মোবাইলৰ উজান। 

  • Share this:
লংকাত ওলাইছে স্মাৰ্ট মোবাইল চোৰ। পিছে স্মাৰ্ট চোৰ যদি ডালে ডালে হোজাই আৰক্ষীও পাতে পাতে। ফলত হোজাই আৰক্ষীৰ ওচৰত স্মাৰ্ট চোৰৰ স্মাৰ্ট পদ্ধতি নাহিল কামত।কৰ্মসূত্ৰে সুদূৰ মুম্বাইত থকা স্মাৰ্ট চোৰ ইকবাল হুছেইনে মুম্বাইত চুৰি কৰা মোবাইল ফোন কুৰিয়াৰৰ জৰিয়তে এটা দুটাকৈ প্ৰেৰণ কৰিছিল উদালিৰ শিং গাঁৱৰ ঘৰলৈ।

এটা দুটাকৈ প্ৰেৰণ কৰাৰ ফলত ঘৰত জমা হৈ পৰিছিল ছেমছাং কোম্পানীৰ পেক নোখোলা ৬০টা  এন্দ্ৰইড মোবাইল। ইয়াৰ পিছত এই মোবাইল কেইটা ডিমাপুৰত বিক্ৰীৰ পৰিকল্পনা কৰি থকাৰ সময়ত হোজাইৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই লাভ কৰা তথ্যৰ ভিত্তিত ইকবাল আৰু পিতৃ আতিকুৰ ৰহমানৰ  ঘৰত উদালি পহৰা চকীৰ চলিল অভিযান।

অভিযানত আৰক্ষীয়ে ৬০টা চুৰি মোবাইল উদ্ধাৰ আৰু জব্দ কৰিবলৈ সক্ষম হৈছে যদিও পলাতক হৈ আছে স্মাৰ্ট চোৰ ইকবাল হুছেইন আৰু পিতৃ আতিকুৰ ৰহমান। ফলত আৰক্ষীয়ে সোধা-পোছাৰ বাবে ইতিমধ্যে ইকবালৰ মাতৃ হালিমা বেগম আৰু পত্নী নাজিমা চুলতানক কৰে আটক।

ইফালে আৰক্ষীয়ে জব্দ  কৰা চুৰি মোবাইলকেইটাৰ মূল্য প্ৰায় ১২ লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে লংকা আৰক্ষী থানাৰ বিষয়াৰ টেবুলত উঠিছে চুৰি মোবাইলৰ উজান।

শেহতীয়া বাতৰি