• Home
  • »
  • News
  • »
  • crime
  • »
  • Step Daughter Raped : মছজিদত ইমাম, ঘৰত সতীয়া জীয়েকক কৰে ধাৰাবাহিক ধৰ্ষণ, মাজ নিশা গ্ৰেপ্তাৰ ইমাম ৰফিকুল ইছলামক।

Step Daughter Raped : মছজিদত ইমাম, ঘৰত সতীয়া জীয়েকক কৰে ধাৰাবাহিক ধৰ্ষণ, মাজ নিশা গ্ৰেপ্তাৰ ইমাম ৰফিকুল ইছলামক।

  • Share this:
সতীয়া জীয়েকক ধৰ্ষণ (Rape) কৰি পিতৃ-কন্যাৰ সম্পৰ্কত কালিমা সানিলে বৰপেটাৰোডৰ এজন ইমামে (Imam)। বহু দিন ধৰি সতীয়া জীয়েজনীক ধৰ্ষণ কৰি আহিছিল লম্পট পিতৃয়ে। বৰপেটাৰোডৰ কলহভাঙাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা ৷ মছজিদৰ লম্পট ইমামে নিজৰে (Step Doughter ) সতীয়া কন্যাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিছে ৷

ধৰ্ষণকাৰী লম্পট ইমামজনৰ নাম ৰফিকুল ইছলাম ৷ বৰপেটাৰোডৰ কলহভাঙ্গাৰ মছজিদত ঈমামতি কৰি আছিল লম্পট ৰফিকুল ইছলামে ৷

কিছুদিন পূৰ্বে দুজনী যুৱতী কন্যা সন্তান থকা এগৰাকী মহিলাক বিয়া কৰাইছিল লম্পট ইমামে ৷ বিয়াৰ পাছত বৰপেটাৰোডৰ কলহভাঙ্গাত এটি ভাৰাঘৰত থাকি লম্পট ৰফিকুলে মছজিদত ইমামতি কৰিছিল ৷ লম্পট ৰফিকুলে ইমামতি বাহিৰে কোনো কাম-বন নকৰিছিল আৰু পত্নীয়ে লোকৰ ঘৰত বন কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল।

পত্নীয়ে যেতিয়া লোকৰ ঘৰত বন কৰিবলৈ গৈছিল তেতিয়াই লম্পট পিতৃ ৰফিকুল ইছলামে নিজৰেই সতীয়া জীয়েকক বলপূৰ্বকভাবে ধৰ্ষণ কৰি আহিছিল বুলি ধৰ্ষিতা আৰু ধৰ্ষিতাৰ মাতৃয়ে অভিযোগ তুলি বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

শনিবাৰেও সতীয়া জীয়েকক বলপূৰ্বকভাবে ধৰ্ষণ কৰাত ধৰ্ষিতা কন্যাই পিতৃৰ ধৰ্ষণৰ কথা মাতৃক অৱগত কৰাইছিল। তাৰ পিছতে লম্পট ৰফিকুল ইছলামে ভাৰাঘৰৰ পৰা সৰভোগৰ বগৰীগুৰীৰ নিজ ঘৰলৈ গুচি গৈছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে লম্পট ইমাম ৰফিকুল ইছলামক সৰভোগৰ বগৰীগুৰীৰ নিজ বাসগৃহৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰি দেওবাৰে বৰপেটা জেললৈ প্ৰেৰণ কৰে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি