দাম বাঢ়িছে পেট্ৰ'ল-ডিজেল (Petrol-Diesel Price)ৰ ৷ সেয়ে ডিজেলৰ নামত বক্ৰ পথেৰে মুনাফা লুটিবলৈ আৰম্ভ কৰিছে একাংশ দুষ্টচক্ৰই ৷ পোহৰলৈ আহিছে কেৰাচিনৰ পৰা ভেজাল ডিজেল(Spurious Diesel) তৈয়াৰ কৰা অবৈধ ব্যৱসায়ৰ ভয়ংকৰ তথ্য ৷
নীলা কেৰাচিনৰ ক’লা বেহা নহয় ! এইবাৰ নীলা কেৰাচিনৰ পৰা ভেজাল ডিজেল তৈয়াৰৰ ক’লা বেহা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক ৷ অস্বাভাৱিক ভাৱে দাম বাঢ়িছে পেট্ৰ'ল আৰু ডিজেলৰো ৷ সেয়ে ভেজাল ডিজেলৰ ৰমৰমীয়া ব্যৱসায়ত নামিছে একাংশ লোক ৷ জাগীৰোডত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৷
জাগীৰোডৰ বাঘজাপত উৎপল ডেকা নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এটা দুষ্টচক্ৰই বহুদিন ধৰি চলাই আহিছে ভেজাল ডিজেলৰ ক’লা বেপাৰ ৷ দুষ্টচক্ৰটোৱে নীলা কেলাচিন তেলত ৰাসায়নিক পদাৰ্থ মিহলাই প্ৰস্তুত কৰে এই ভেজাল ডিজেল ৷ যান-বাহনৰ বাবে অনুপযোগী এই ভেজাল ডিজেল দুষ্টচক্ৰটোৱে বিক্ৰী কৰি আহিছে গ্ৰামাঞ্চলত ৷
এই তথ্য লাভ কৰাৰ পিছতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে জাগীৰোড আৰক্ষীৰ এটা দলে সোমবাৰে নিশা চক্ৰটোৰ বিৰুদ্ধে চলায় অভিযান ৷ অভিযানত কেইবাটাও ড্ৰাম ভৰ্তি প্ৰায় ২ হাজাৰ লিটাৰ ভেজাল ডিজেল জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে এজন লোকক ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মূল মাষ্টাৰমাইণ্ড ৰাম অশ্ৰে ভগত নামৰ লোকজন ৷
জব্দকৃত বৃহৎ পৰিমাণৰ ভেজাল ডিজেল সমূহ থানালৈ আনি নমুনা পৰীক্ষাৰ বাবে ফৰেণছিক লেবৰেটৰী (Forensic Laboratory)লৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে আৰক্ষীয়ে ৷ এই ভেজাল ডিজেল তৈয়াৰ কৰা অবৈধ কাৰ্যত এটা বৃহৎ চক্ৰ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জাগীৰোড আৰক্ষী থানাৰ পৰিদৰ্শক মুন প্ৰকাশ তিৱাৰীয়ে ৷
উল্লেখ্য্য যে গ্ৰামাঞ্চলৰ বিভিন্ন সৰু সৰু দোকানত কম দৰত চক্ৰটোৱে যোগান ধৰে এই ভেজাল ডিজেল ৷ এই ভেজাল ডিজেল ব্যৱহাৰ কৰি বহু যানবাহন বিকল হোৱাৰ অভিযোগ আছে ৷ ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷