বাইকৰ শ্ব’ৰূমত পৰিণত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷ পালছাৰ 150 (Pulsar 150), পালছাৰ 180 (Pulsar 180), পালছাৰ 220 (Pulsar 220) আদি বিভিন্ন বাইকেৰে ভৰি পৰিছে কাজলগাঁওঁস্থিত এছপি অফিচ (SP Office)ৰ চৌহদ ৷ বাজাজ পালছাৰ বাইকসমুহ মেলা নতুবা বিক্ৰীৰ বাবে নহয় ৷ প্ৰকৃততে এই আটাইবোৰে চুৰি হোৱা বাইকহে ৷
যোৱা দহ দিনত আৰক্ষীয়ে অভিযান চলাই ৩৬খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ জিলাখনৰ চিদলী, আমগুৰি, বেংতল, ধালিগাঁও আদি বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এই চুৰি বাইকসমুহ উদ্ধাৰ কৰাৰ লগতে ১৯টা বাইক চোৰ (bike thief)ক আটক কৰিছে ৷ চিৰাং (Chirang) জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰ (BTR)ৰ আইজিপি এল আৰ বিষ্ণৈয়ে এই কথা সদৰী কৰিছে ৷
বজাৰত এই বাইকবোৰৰৰ দাম একৰ পৰা দুই লাখ টকা হয় যদিও চক্ৰটোৱে বাইকবোৰ অতি কম দামত ২০ৰ পৰা ২৫শ হাজাৰৰ ভিতৰত বিক্ৰী কৰি অহা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ৷