মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »শোণিতপুৰৰ ঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা ! গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত উদ্ধাৰ হ'ল কেইবাখনো বাহন ...

শোণিতপুৰৰ ঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা ! গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত উদ্ধাৰ হ'ল কেইবাখনো বাহন ...

ঠেলামৰা আৰক্ষীয়ে অভিযান চলাই দুটা গভাইত গাড়ী চোৰসহ দুখন চুৰি বাইক আৰু এখন এল্ট' গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ঠেলামৰা আৰক্ষীয়ে অভিযান চলাই দুটা গভাইত গাড়ী চোৰসহ দুখন চুৰি বাইক আৰু এখন এল্ট' গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

  • Share this:
সমগ্ৰ শোণিতপুৰ জিলাতে বাইক আৰু গাড়ী চোৰ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহা এটা বৃহৎ গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে ঠেলামৰা আৰক্ষীয়ে অভিযান চলাই দুটা গভাইত গাড়ী চোৰসহ দুখন চুৰি বাইক আৰু এখন এল্ট' গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমনি দাসৰ নেতৃত্বত যোৱা নিশা চলা অভিযানত গ্ৰেপ্তাৰ হয় গভাইত গাড়ী চোৰ জবিৰুল আলী আৰু জহিৰউদ্দিন আলী৷ নিশাৰ অন্ধাৰত আন চাৰিটা গাড়ী চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অভিযান চলাই চুৰি চক্ৰটোৰ পৰা এখন  য়ামাহা আৰ ১৫ এখন  বাজাজ পালচাৰ ১৫০ বাইক সহ এল্ট' গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষী এক গোচৰ ৰুজু কৰি দুই গভাইত চোৰক আজি তেজপুৰ ন্যায়িক আদালত হাজিৰ কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে৷ ইপিনে এই গাড়ী চুৰি চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদিকৰ আগত কয়-আমাৰ হাতত এটা খবৰ আছিল৷ গাড়ী চোৰে ঢেকীয়াজুলিৰ লগতে ঠেলামৰা অঞ্চলত প্ৰৱেশ কৰি গাড়ী চুৰি কৰাৰ পৰিকল্পনা কৰিছিল৷ কেইবাখনো গাড়ী চোৰ কৰিছিল এই চক্ৰটোৱে৷ ঢেকিয়াজুলি আৰু ঠেলামৰা থানাৰ সহযোগত আমি কমাৰপথাৰ নামৰ এটা অঞ্চলত গৈ এটা অভিযান চলাইছিলো য’ত দুটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছো৷ অভিযানটো নিশা হোৱা বাবে চাৰিজন চোৰ পলায়ন কৰিবলৈ সক্ষম হয়৷ তদন্তৰ বাবে পলায়ন কৰা চোৰৰ নাম প্ৰকাশ নকৰো৷ অভিযান চলি থাকিব পৰৱৰ্তী সময়তো৷ উল্লেখ্য যে শেহতীয়াকৈ ঠেলামৰাৰ আৰক্ষীয়ে  বিভিন্ন অপৰাধজনিত কাৰ্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ যোৱা নিশা গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলায় ৷

শেহতীয়া বাতৰি