শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়া বৰন্য ৰঞ্জন বৰঠাকুৰ (Barenya Ranjan Barthakur), লাট মণ্ডল গুলজাৰ হুছেইন (Guljar Hussain) গ্ৰেপ্তাৰ হোৱা ঘটনাই সম্প্ৰতি নতুন মোৰ লৈছে ৷ মাটিৰ দালালৰ ৰূপত এইবাৰ পোহৰলৈ আহিছে শিক্ষকৰ নাম। ৰুজু হৈছে গোচৰো।
মাটি দালালৰ পৰা ৮ লাখ টকা উৎকোচ বিচৰা গোচৰত জড়িত দুজন লোকৰ বিৰুদ্ধে আজি শোণিতপুৰৰ জিলা উপায়ুক্ত (Sonitpur DC)ই ঠেলামৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ এই লোক দুজনৰ এজন হৈছে ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নৰবাহাদুৰ কাৰ্কী আৰু আনজন হৈছে গড়কাপ্টানী বিভাগৰ কেজুৱেল কৰ্মচাৰী ধ্ৰুৱজ্যোতি বৰুৱা।
এই ধ্ৰুৱজ্যোতি বৰুৱা আৰু নৰবাহাদুৰ কাৰ্কীক মাটি দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ বাবে ৮ লাখ টকা বিচাৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৰাজহ চক্ৰ বিষয়া বৰন্য ৰঞ্জন বৰঠাকুৰ আৰু মণ্ডল গুলজাৰ হুছেইন৷ দুৰ্নীতিৰ ভূ স্বৰ্গ হিচাপে পৰিচিত এই ৰাজহ চক্ৰ কাৰ্যিলয়ত আজিলৈকে আৰক্ষী প্ৰশাসনে এটাও মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোত যথেষ্ট চৰ্চিত হৈছে সমগ্ৰ ঠেলামৰা অঞ্চলত। বৃহত্তৰ ঠেলামৰা অঞ্চলটোত একাংশ দুষ্ট চক্ৰই পানীৰ দৰত বিভিন্ন স্থানত মাটি ক্ৰয় কৰি সোনৰ দৰত ৰাজ্যৰ বিভিন্ন স্থানৰ লোকক বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ।
শেহতীয়াকৈ এই ক্ষেত্ৰত অসম চৰকাৰে দুষ্ট চক্ৰটোক নাকী লগাবলৈ নিশাটোৰ ভিতৰতে বিভিন্ন স্থানত কেইবা শতাধিক মাটি দালালক গ্ৰেপ্তাৰ কৰিলে যদিও ঠেলামৰা অঞ্চলত আজিলৈকে এটাও মাটিৰ দালাল গ্ৰেপ্তাৰ নহ'ল। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভুমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি শাখাৰ সভাপতি সূজীত কুৰ্মীয়ে।তেখেতে কয় যে বিশেষ কৈ চাহ জনগোষ্ঠী অঞ্চলৰ অধিক লোক এই দালালৰ পাকচক্ৰত পৰি সৰ্বস্বান্ত হৈছে। লাট মণ্ডল আৰু চক্ৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পাছতো কি ৰহস্যজনক কাৰণত এটাও মাটিৰ দালাল গ্ৰেপ্তাৰ হোৱা নাই সেয়া লক্ষ্যণীয় বুলি উল্লেখ কৰে সংগঠনটোৰ নেতা গৰাকীয়ে।
আনহাতে উপায়ুক্তৰ এজাহাৰৰ ভিত্তিত ঠেলামৰা আৰক্ষীয়ে ধ্ৰুৱজ্যোতি বৰুৱা আৰু নৰবাহাদুৰ কাৰ্কীৰ বিৰুদ্ধে IPCৰ 120, 420/406/34 ধাৰাত 150/21 নং গোচৰ পঞ্জীয়ন কৰিছে যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰে ধ্ৰুৱ বৰুৱা গড়কাপ্তানি বিভাগৰ কেজুৱেল কৰ্মচাৰী হোৱাৰ বিপৰীতে নৰ বাহাদুৰ কাৰ্কী ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|