உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মাতৃঘাতক! বিধৱা ভাট্টাৰ টকা দিবলৈ অস্বীকাৰ কৰাই হ'ল অপৰাধ! পাষাণ পুত্ৰই ডিঙি চেপি হত্যা কৰিলে বৃদ্ধা মাতৃক

    মাতৃঘাতক! বিধৱা ভাট্টাৰ টকা দিবলৈ অস্বীকাৰ কৰাই হ'ল অপৰাধ! পাষাণ পুত্ৰই ডিঙি চেপি হত্যা কৰিলে বৃদ্ধা মাতৃক

    বছৰ পূ্ৰ্বে অনুপৰ বিবাহ বিচ্ছেদ হৈছিল। আৰু তাৰ পিছৰ পৰাই মাতৃৰ সৈতে বাস কৰি আহিছিল অনুপ।

    বছৰ পূ্ৰ্বে অনুপৰ বিবাহ বিচ্ছেদ হৈছিল। আৰু তাৰ পিছৰ পৰাই মাতৃৰ সৈতে বাস কৰি আহিছিল অনুপ।

    বছৰ পূ্ৰ্বে অনুপৰ বিবাহ বিচ্ছেদ হৈছিল। আৰু তাৰ পিছৰ পৰাই মাতৃৰ সৈতে বাস কৰি আহিছিল অনুপ।

    • Share this:
    মাতৃয়ে বিধৱাভাট্টাৰ টকা নিদিয়াই হ'ল অপৰাধ! ডিঙি চেপি হত্যা কৰিলে পাষাণ পুত্ৰই। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ খানাকুলত। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মৃত এই বৃদ্ধাগৰাকীৰ নাম সবিতা পাত্ৰ। অভিযুক্ত পুত্ৰৰ নাম অনুপ পাত্ৰ। হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছত, খানাকুল আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    জানিব পৰা গৈছে যে, সবিতাই বিধৱাভাট্টা লাভ কৰে। আৰু বেংকৰ পৰা টকা উলিয়াই আনিছিল। আৰু সেই টকা পুত্ৰ অনুপে বিচাৰে। কিন্তু মাতৃ সবিতাই অস্বীকাৰ কৰে টকা দিবলৈ। তেতিয়াই খঙত অগ্নিশৰ্মা হৈ মাতৃক ডিঙি চেপি হত্যা কৰে পুত্ৰ অনুপে।

    স্থানীয় বাসিন্দাই পিছত অভিযুক্ত অনুপক আবদ্ধ কৰি ৰাখে আৰু খানাকুল আৰক্ষী থানাক অৱগত কৰে। আৰক্ষী আহি বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    জানিব পৰা মতে, দুবছৰ পূ্ৰ্বে অনুপৰ বিবাহ বিচ্ছেদ হৈছিল। আৰু তাৰ পিছৰ পৰাই মাতৃৰ সৈতে বাস কৰি আহিছিল অনুপ। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত অনুপে নিজৰ দোষ ইতিমধ্যে স্বীকাৰ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: