বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অপৰাধনামা / Murder : মাত্ৰ ১০ টকাৰ বাবে উন্মাদ হ'ল এজন যুৱক, বাঁহেৰে মৰিয়াই হত্যা ৫০ বছৰীয়া মহিলাক

Murder : মাত্ৰ ১০ টকাৰ বাবে উন্মাদ হ'ল এজন যুৱক, বাঁহেৰে মৰিয়াই হত্যা ৫০ বছৰীয়া মহিলাক

Murder : মাত্ৰ ১০ টকাৰ বাবে উন্মাদ হ'ল এজন যুৱক, বাঁহেৰে মৰিয়াই হত্যা ৫০ বছৰীয়া মহিলাক

চফ্ৰাই হাতীপুতা গাঁৱৰ বিজয় নায়ক নামৰ যুৱকজনে অনিতা কোঁৱৰ নামৰ মহিলাগৰাকীক মাত্ৰ দহ টকাৰ বাবে এডাল বাঁহেৰে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

চৰাইদেউৰ সোণাৰি নগৰৰ সমীপৱৰ্তী চফ্ৰাইত আজি মাত্ৰ দহ টকাৰ বাবে এগৰাকী মহিলাক মৰিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১০ টকাৰ বাবে এগৰাকী মহিলাৰ সৈতে প্ৰথমে তৰ্তা-তৰ্কি তাৰ পিছত হত্যা কৰিলে এজন যুৱকে।

জানিব পৰা মতে চফ্ৰাই হাতীপুতা গাঁৱৰ বিজয় নায়ক নামৰ যুৱকজনে গাঁৱখনেৰে ৫০ বছৰীয়া অনিতা কোঁৱৰ নামৰ মহিলাগৰাকীক মাত্ৰ দহ টকাৰ বাবে তৰ্কাতৰ্কিত লিপ্ত হৈ এডাল বাঁহেৰে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰে। দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিজ্ঞাপন

ইফালে সুৰামত্ত অৱস্থাত থকা হত্যাকাৰী বিজয় নায়কক স্থানীয় ৰাইজে কৰায়ত্ত কৰি চফ্ৰাই আৰক্ষী চকীৰ আৰক্ষীক চমজায় দিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু কেইবাগৰাকী প্ৰশাসনিক বিষয়া।আৰক্ষীয়ে মৃত মহিলাগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন