• Home
  • »
  • News
  • »
  • crime
  • »
  • চৰাইদেউ জিলাৰ সদৰ সোণাৰিত নিষিদ্ধ হেৰ'ইন, গাঞ্জাসহ এজন যুৱকক আটক ...

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত নিষিদ্ধ হেৰ'ইন, গাঞ্জাসহ এজন যুৱকক আটক ...

আজি চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আকস্মিক তালাচীত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ আৰু গাঞ্জাসহ এজন লোকক আটক কৰে।

  • Share this:
চৰাইদেউ জিলাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ , গাঞ্জাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান । আজি চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আকস্মিক তালাচীত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ আৰু গাঞ্জাসহ এজন লোকক আটক কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে , সোণাৰি নগৰৰ অসম নগালেণ্ডৰ সংযোগী পথৰ চেনিগুদাম অঞ্চলৰ কমল গগৈৰ ঘৰত অভিযান চলাই আজি সোণাৰি আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই   ৯.৪৩ গ্ৰাম হেৰ'ইন আৰু ০.১৯৫ গ্ৰাম নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। সোণাৰি আৰক্ষীয়ে কমল গগৈক আটক কৰি সোধা - পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । ঘটনাটোৱে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে বিগত এটা বছৰৰ পৰা আৰক্ষীয়ে প্ৰায়ে অসম নগালেণ্ড তথা অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও চৰাইদেউ জিলাত অবৈধ ড্ৰাগছৰ সেৱন আৰু সৰবৰাহকাৰীৰ এই অবৈধ ব্যৱসায় শেষ কৰিবলৈ সক্ষম হোৱা নাই।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি