
অৰুণাচলৰ বন বিষয়াক দাবীকৃত ধন নিবলৈ আহি সোণাৰিৰ নাগালেণ্ডৰ সীমান্তৰ নামতোলাত আটক হ’ল নগা উগ্ৰপন্থীৰ কেডাৰ।
অৰুণাচলৰ বন বিষয়াক দাবীকৃত ধন নিবলৈ আহি সোণাৰিৰ নাগালেণ্ডৰ সীমান্তৰ নামতোলাত আটক হ’ল নগা উগ্ৰপন্থীৰ কেডাৰ।
নগা উগ্ৰপন্থী সংগঠনৰ সদস্য তথা নগা দুষ্কৃতিকাৰীয়ে চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰি সীমান্তবাসী জনসাধাৰণক হাৰাশাস্তি কৰি অহাৰ সময়তে বন বিষয়াক ধন দাবী কৰি চৰাইদেউত আৰক্ষীৰ কবলত পৰিল নগা উগ্ৰপন্থী এন এছ চি এনৰ এজন কেডাৰ ৷
চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলাত আটকাধীন NSCN (R)ৰ কেডাৰজন হ’ল নগালেণ্ডৰ মন জিলাৰ জুনুবস্তিৰ ওমফা ৱাংগেন (৪৬)। জানিব পৰা মতে, বিগত মাৰ্চ মাহতে অৰুণাচল প্ৰদেশৰ কানুবাৰীস্থিত বন বিষয়াক দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ আহিছিল নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰজন। এই সন্দৰ্ভত গোপন সুত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত ১২ নং আছাম ৰাইফলছ আৰু নামতোলা আৰক্ষীয়ে যুটীয়া অভিযান চলাই বন বিষয়াৰ পৰা দাবীকৃত ধন নিবলৈ অৰুণাচললৈ আহি থকা অৱস্থাত অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ নাগালেণ্ড সীমান্তৰ পৰা উগ্ৰপন্থীৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|