মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ইটোৰ পিছত সিটো অপৰাধৰ ঘটনা সোণাৰিত, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

ইটোৰ পিছত সিটো অপৰাধৰ ঘটনা সোণাৰিত, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

News18 Assam | News18-Assam
Updated:May 21, 2021, 8:25 AM IST
ইটোৰ পিছত সিটো অপৰাধৰ ঘটনা সোণাৰিত, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
সােণাৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ ড্রাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আজি বিয়লি পুনৰ নগৰখনৰ মাজমজিয়াত সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই এখন বাহনৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে এজন অৰুণাচলী  যুৱকসহ দুজনক আটক কৰে ।

সােণাৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ ড্রাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আজি বিয়লি পুনৰ নগৰখনৰ মাজমজিয়াত সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই এখন বাহনৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে এজন অৰুণাচলী  যুৱকসহ দুজনক আটক কৰে ।

  • Share this:
দিনক দিনে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি সােণাৰি ? অপৰাধ জগতৰ লগত জড়িত কোনাে লােকে সােণাৰি নগৰ অপৰাধীৰ কৰিড'ৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছে নেকি ? তেনে এক আশংকাই দেখা দিছে নৱগঠিত চৰাইদেউ জিলাৰ সদৰ সােণাৰিৰ সচেতন মহলত ।

বিগত কিছুদিন ধৰি সােণাৰিৰ নগৰৰ লগতে পাৰ্শ্বৱতী অঞ্চলত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধৰ ঘটনা ।যোৱা দুদিন ধৰি সােণাৰি আৰক্ষীয়ে গােপন সুত্ৰৰ পম খেদি আৰম্ভ কৰা এটাৰ পাছত আনটো অভিযানৰ পাছত এই আশংকা অধিক বৃদ্ধি পােৱা দেখা গৈছে । সােণাৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ ড্রাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আজি বিয়লি পুনৰ নগৰখনৰ মাজমজিয়াত সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই এখন বাহনৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে এজন অৰুণাচলী  যুৱকসহ দুজনক আটক কৰে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে সোণাৰি আৰক্ষী থানাৰ উপ - পৰিদৰ্শক ক্ৰমে সুবিদ গগৈ আৰু পূৰ্ণকান্ত বৰগোঁহাইয়ে এক বিশেষ খবৰৰ ভিত্তিত  নগালেণ্ডৰ মন জিলাৰ পৰা প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছ আনি থকা অৱস্থাত সোণাৰিৰ জৱকা চাহ বাগিচাৰ সমীপত WB 26 - C -  5582 নম্বৰৰ মাৰুতি swift গাড়ীখনত অভিযান চলাই উদ্ধাৰ কৰে । লগতে গাড়ীখনত অহা অৰুণাচলৰ চিয়াং জিলাৰ ঋতু দয়ে (১৯) আৰু অসমৰ জোনাইৰ বিকি দলে ( ৩৩) ক আটক কৰে । অভিযানকাৰী দলটোৱে দুয়ো যুৱকক আটক কৰি জব্দকৃত ড্ৰাগছ আৰু বাহনখন থানালৈ লৈ আনে । ধৃত দুই  যুৱকে সংবাদ মাধ্যমৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি দুয়োয়ে আজি ড্ৰাগছ মন জিলাৰ পৰা ক্ৰয় কৰি আনিছিল । ইফালে অসম - নগালেণ্ড আৰু অসম - অৰুণাচল সীমান্তৰ পৰাই অবৈধ নিচাজাতীয় দ্ৰব্যসমূহৰ সৰবৰাহ দীর্ঘদিন ধৰি অব্যাহত থকা বুলি জানিব পৰা গৈছে । সীমান্ত  অঞ্চলত ড্ৰাগছ , সুৰা ,গাঞ্জা, কানি আদিৰ ঘাটি স্থাপন কৰি নাগালেণ্ড ,অৰুণাচলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গােপনে ইয়াৰ ব্যৱসায় চলাই থকা বুলি এক সুত্র অনুসৰি জানিব পৰা গৈছে । ইফালে এই কার্যৰ লগত জড়িত এটা চক্রই একাংশ সংগঠনৰ নেতাক মেনেজ কৰি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত গােপনে এই নিষিদ্ধ ব্যৱসায়ৰ এখন জাল পেলাবলৈ আৰম্ভ কৰা বুলিও অভিযােগ উত্থাপন হৈছে ।
Published by: Kokil Sarma
First published: May 21, 2021, 8:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি