
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পাৰ্চৱৰ্তী অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি পুৱা পইন্ট .২২ পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলীসহ এজন নগা যুৱক আটক।
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পাৰ্চৱৰ্তী অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি পুৱা পইন্ট .২২ পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলীসহ এজন নগা যুৱক আটক।
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পাৰ্চৱৰ্তী অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি পুৱা পইন্ট .২২ পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলীসহ এজন নগা যুৱক আটক হোৱা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
আজি পুৱা এক গোপন সূত্ৰৰ ভিত্তিত জানিব পাৰি ১২ অসম ৰাইফল আৰু নামতোলা আৰক্ষীৰ যুটীয়া অভিযান চলাই নামতোলাৰ লাদৈগড়ত কোনো লোকক বিক্ৰী কৰিবলৈ অহা অৱস্থাত মাৰণাস্ত্ৰ সহ নগালেণ্ডৰ মন জিলাৰ টিজিটৰ মানকাপ কন্যাক (৩৪) নামৰ এজন যুৱকক আটক কৰে । সম্প্ৰতি নামতোলা আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰখা নগা যুৱকজনৰ জিম্মাৰ পৰা এটা মোবাইল ফোনো উদ্ধাৰ কৰিছে । নামতোলা আৰক্ষীয়ে নগা যুৱকজনৰ বিৰুদ্ধে ২৫ (১) এ ধাৰাৰ অধীনত ৩৯/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|