• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs in Rajdhani Express : চেণ্ডউইচৰ লগতে ৰে'লৰ পেণ্ট্ৰী কাৰত ড্ৰাগছৰ বেহা, ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰীত জব্দ নিচাযুক্ত টেবলট৷ 

Drugs in Rajdhani Express : চেণ্ডউইচৰ লগতে ৰে'লৰ পেণ্ট্ৰী কাৰত ড্ৰাগছৰ বেহা, ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰীত জব্দ নিচাযুক্ত টেবলট৷ 

শিমলুগুৰি ৰেল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰৰ পৰা ৬৭৮০টা নিচাযুক্ত টেবলেট জব্দ ৷ 

শিমলুগুৰি ৰেল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰৰ পৰা ৬৭৮০টা নিচাযুক্ত টেবলেট জব্দ ৷ 

শিমলুগুৰি ৰেল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰৰ পৰা ৬৭৮০টা নিচাযুক্ত টেবলেট জব্দ ৷ 

  • Share this:
ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰত চলে নিচাযুক্ত টেবলট সৰবৰাহ৷ শিমলুগুৰি ৰেল জংচনত ৬৭৮০ টা টেবলেট সহ দুজনক কৰায়ত্ত৷

ৰাজ্যত এতিয়াও অব্যাহত আছে নিচাযুক্ত টেবলেটৰ ব্যৱসায়৷  আৰক্ষীয়ে এইবোৰ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ থকাৰ সমান্তৰালভাৱে ৰে'ল আৰক্ষীও এই অভিযান অব্যাহত ৰাখিছে ৷ যদিও নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে সৰবৰাহকাৰী অপৰাধী সকলে৷

শিমলুগুৰি ৰে'ল জংচনত আজি ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰত জব্দ কৰা হয় নিচাযুক্ত টেবলট৷  দুজন নিচাযুক্ত টেবলেট সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৰে'ল আৰক্ষীয়ে৷ GRP আৰু RPF TASK FORCEৰ অভিযানত 02504 নম্বৰৰ উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎসংখ্যক নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে । এক বিশেষ সুত্ৰৰ পম খেদি  নিশা 02504 উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পেণ্ট্ৰী কাৰৰ পৰা ৬৭৮০টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষীয়ে। টেবলেটখিনি  পেণ্ট্ৰী কাৰত কৰ্মৰত কৰ্মচাৰীৰ পৰা জব্দ কৰা হয়৷

টেবলেটখিনি বিহাৰৰ কাটিহাৰৰ পৰা আনিছিল আৰু অহাৰ ৰাষ্টাত ডিমাপুৰ লামডিঙকে ধৰি বহু কেইটা ষ্টেচনত এই টেবলেট সমূহ যোগান ধৰি আহে । অৱশেষত দুয়োটা সৰবৰাহকাৰী বাপন দস আৰু  শ্ৰমিত ৰায়ক শিমলুগুৰি ৰে'ল জংচনত কৰায়ত্ত কৰে ৰে'ল আৰক্ষীয়ে। বাপন দাসৰ ঘৰ ডিব্ৰুগড় গাভৰু পথাৰত আৰু শ্ৰমিত ৰায়ৰ ঘৰ বৰপেটাত ৷
Published by:Manjumoni Borah
First published: