মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»সান্ধ্য আইন–আন্তঃজিলা যাতায়াত বন্ধৰ মাজতে ধোদৰ আলিৰে চোৰাং সুৰা সৰবৰাহ

সান্ধ্য আইন–আন্তঃজিলা যাতায়াত বন্ধৰ মাজতে ধোদৰ আলিৰে চোৰাং সুৰা সৰবৰাহ

News18 Assam | News18-Assam
Updated:July 24, 2021, 8:40 PM IST
সান্ধ্য আইন–আন্তঃজিলা যাতায়াত বন্ধৰ মাজতে ধোদৰ আলিৰে চোৰাং সুৰা সৰবৰাহ
আৰক্ষীয়ে বাহন খনৰ পৰা ২৮ কেছ বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰি আবকাৰী বিভাগক চমজাই দিছে।

আৰক্ষীয়ে বাহন খনৰ পৰা ২৮ কেছ বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰি আবকাৰী বিভাগক চমজাই দিছে।

  • Share this:

মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত ধোদৰ আলিৰ গিৱন অভয়াৰণ্যৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত  এখন বাহনত অবৈধ অৰুণাচলী সুৰা উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে, আজি বিয়লি আমগুৰিৰ পৰা মৰিয়নিৰ দিশে তীব্ৰ বেগত আহি থকা এ এছ ০৩ ডব্লিউ ৬৮৩৪ নম্বৰৰ মাৰুতি ইক' বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই গিৱন অভয়াৰণ্যৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হয়।আনহাতে স্থানীয় একাংশ লোক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ কাষলৈ  যোৱাত গাড়ীখনৰ ভিতৰত বহু সংখ্যক বিলাতী সুৰাভৰ্তি কাৰ্টন প্ৰত্যক্ষ কৰে।


দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা স্থানীয় একাংশ লোকে সুৰাৰ কেইবাটাও কাৰ্টন লৈ যায় বুলিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। আনহাতে দুৰ্ঘটনাৰ কিছু সময় পাছতে মৰিয়নিৰ দিশৰ পৰা ৰঙা ৰঙৰ এ এছ–০৩ এইচ–৭৪২১ নম্বৰৰ এখন এল্ট' বাহন দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা সুৰাৰ কাৰ্টনসমূহ কাৰখনলৈ নি থকাৰ সময়তে মৰিয়নি আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।


আৰক্ষীয়ে  দুয়োখন গাড়ী জব্দ কৰি থানালৈ আনে যদিও দুয়োখন গাড়ীৰ চালকে আৰক্ষীৰ চকুৰ আগেৰে পলায়ন কৰে। আনহাতে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত সুৰাখিনি চোৰাং অৰুণাচলী সুৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বাহন খনৰ পৰা ২৮ কেছ বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰি আবকাৰী বিভাগক চমজাই দিছে।



দুৰ্ঘটনাগ্ৰস্ত সুৰাভৰ্তি ইক' বাহনখনৰ পঞ্জীয়ন নম্বৰ অনুসন্ধান কৰি মৰিয়নি নিউ সোণোৱালৰ সুৰা মাফিয়া ৰাজীৱ মিলিৰ বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে আন্তঃজিলাৰ যাতায়াত বন্ধ থকাৰ লগতে যোৰহাট জিলা সম্পূৰ্ণ কন্টেইমেন্ট জ'নত আছে, এনে অৱস্থাত চোৰাং অৰুণাচলী সুৰাভৰ্তি বাহন কেনেদৰে  ধোদৰ আলিয়েদি অবাধ গতিত সৰবৰাহ হৈ আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Published by: Gautam Barman
First published: July 24, 2021, 8:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি