உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Thief Arrested: জালত পৰিল ৫ গভাইত চোৰ, ৭টা মোবাইল, ৪২টা ২৪ ভল্টৰ বেটেৰী আৰু কি কি উদ্ধাৰ?

    Thief Arrested: জালত পৰিল ৫ গভাইত চোৰ, ৭টা মোবাইল, ৪২টা ২৪ ভল্টৰ বেটেৰী আৰু কি কি উদ্ধাৰ?

    শিৱসাগৰ আৰক্ষীৰ অভিযান

    শিৱসাগৰ আৰক্ষীৰ অভিযান

    শিৱসাগৰ আৰক্ষীৰ অভিযান

    • Share this:
    শিৱসাগৰ সদৰ আৰক্ষীয়ে ২৪ ঘণ্টাত ৫টা চোৰ গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰলৈ প্ৰেৰণ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ২২৪/২০২২ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/ ৪১১ ৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে চোৰকেইটাক।

    ৰঙা ঘৰৰ আলহী হোৱা চোৰ কেইটা হৈছে যমুনা পথৰ হাছিম আলি, মিৰাজ আলম, ফজিল আলম, মহম্মদ ৰেহমত আলি আৰু এ এছ টি চি সমীপৰ বিক্ৰম কুমাৰ।

    আৰক্ষীয়ে অভিযান কালত চোৰ কেইটাৰ পৰা আইফ'নসহ  টা মোবাইল, গাড়ী, ইনভাৰ্টাৰ আদিত ব্যৱহৃত  ৪২টা  বেটেৰী, ১৬  ডাল ৩০  এম এম ৰড, চিলিং ফেন, ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৮ কিলো এলুমিনিয়াম তাঁৰ উদ্ধাৰ কৰে।
    Published by:Manjumoni Borah
    First published: