বুধবাৰৰ পৰা সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকা ভানু ভুমিজ নামৰ কণমানি শিশুটিৰ ৰহস্যজনক মৃত্যুৰ বাতিৰৰ প্ৰায় এদিন অতিক্ৰম কৰাৰ পিছত নাজিৰা আৰক্ষীয়ে বহু নতুন তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰথম অৱস্থাত কন্যা শিশুটিৰ মৃত্যুৰ সন্দেহত আটকাধীন দম্পতীয়ে আৰক্ষীৰ আগত শিশুটিৰ নাম ভানু ভুমিজ বুলি অৱগত কৰাৰ লগতে ঘৰ যোৰহাট জিলাৰ তিতাবৰত বুলি অৱগত কৰিছিল৷ কিন্তু কন্যা শিশুটিৰ প্ৰকৃত নাম আছিল ডিম্পী ভুমিজ৷ আনহাতে কালিৰে পৰা আৰক্ষীৰ আগত শিশুটিৰ ঘৰ তিতাবৰত বুলি কৈছিল যদিও ডিম্পী ভুমিজৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ নাওহলীয়া গাঁৱত৷
ইতিমধ্যে আৰক্ষীয়ে ডিম্পী ভুমিজৰ বাসগৃহ বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৷ আৰক্ষী গৈ ডিম্পী ভুমিজৰ ঘৰ পোৱা পৰ্যন্ত মৃত শিশুটিৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে গমেই পোৱা নাছিল মৰ্মান্তিক ঘটনাটোৰ কথা৷ ডিম্পীৰ মাতৃয়ে জনোৱা মতে ডিম্পীৰ বয়স হৈছিল মাত্ৰ চাৰে পাঁচ বছৰ। মৃত বনকৰা শিশুটিৰ বায়েক চাম্পীকো বনকৰা ছোৱালী হিচাপে ৰাখিছিল বিতুপন ঢেঁকীয়ালফুকন আৰু ৰিতুস্মীতা দত্তই। বিতুপন ঢেঁকীয়ালফুকন আৰু ৰিতুস্মীতা দত্তই বায়েকক কৰা অত্যাচাৰ, নিৰ্যাতনৰ বাবেই বায়েকে পলায়ন কৰি গুচি আহে বুলিও জনাই ৷
ইফালে এটি মৰমলগা ফুলকুমলীয়া শিশুক অত্যাচাৰ কৰি তিলতিলকৈ মৃত্যু মুখলৈ থেলি দিয়া নৰপিশাচ দম্পতীহালৰ উচিৎ শাস্তিৰ দাবী জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাই৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|