• Home
  • »
  • News
  • »
  • crime
  • »
  • Sidhu Moosewala Killing: সিধু মুছেৱালাৰ হত্যাকাৰীৰ সৈতে কি লিংক বলীউডৰ ভাইজান ছলমান খানৰ!

Sidhu Moosewala Killing: সিধু মুছেৱালাৰ হত্যাকাৰীৰ সৈতে কি লিংক বলীউডৰ ভাইজান ছলমান খানৰ!

সিধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder)ৰ সকলো গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। ইয়াৰে এজনৰ সৈতে অভিনেতা ছলমান খান (Salman Khan)ক হত্যা কৰাৰ পৰিকল্পনাৰ সম্পৰ্কও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

সিধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder)ৰ সকলো গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। ইয়াৰে এজনৰ সৈতে অভিনেতা ছলমান খান (Salman Khan)ক হত্যা কৰাৰ পৰিকল্পনাৰ সম্পৰ্কও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

সিধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder)ৰ সকলো গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। ইয়াৰে এজনৰ সৈতে অভিনেতা ছলমান খান (Salman Khan)ক হত্যা কৰাৰ পৰিকল্পনাৰ সম্পৰ্কও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

  • Share this:
সিধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder)ৰ সকলো গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পঞ্জাৱ আৰক্ষীয়ে অপৰাধৰ আঁৰৰ মোডাছ অপাৰেণ্ডি আৰু ষড়যন্ত্ৰ উন্মোচন কৰা বুলি দাবী কৰে। ইয়াৰে ধৃত অভিযুক্ত এজনৰ সৈতে অভিনেতা ছলমান খান (Salman Khan)ক হত্যা কৰাৰ পৰিকল্পনাৰ সম্পৰ্কও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

পঞ্জাৱ আৰক্ষী (Punjab Police)ৰ এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চে (AGTF) শনিবাৰে পশ্চিম বংগৰ ভাৰত-নেপাল সীমান্তৰ পৰা দীপক মুণ্ডী নামৰ ষষ্ঠ আৰু শেষ শ্বুটাৰজনক তেওঁৰ দুজন সহায়কৰ সৈতে নেপাললৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে । দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে এজিটিএফে যৌথভাৱে চলাইছিল এই অভিযান।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে (DGP Gaurav Yadav) জনোৱা মতে, পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ খাৰিবাৰী আৰক্ষী থানাৰ অঞ্চলৰ ভাৰত-নেপাল চেকপইণ্টৰ ওচৰৰ পৰা দীপক মুণ্ডী আৰু তেওঁৰ আন দুজন সহায়ক কপিল পণ্ডিত আৰু ৰাজিন্দৰ ওৰফে জোকাৰক আটক কৰা হয় ৷

এই তিনিটা গ্ৰেপ্তাৰৰ লগে লগে সিদ্ধু মুছেৱালা হত্যাকাণ্ডত মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে। অমৃতসৰৰ ভকনা গাঁৱত হোৱা এক এনকাউণ্টাৰৰ সময়ত মনপ্ৰীত সিং ওৰফে মনু কুছা আৰু জাগ্ৰুপ সিং ওৰফে ৰূপা নামৰ দুজন গুলীচালনাক নিষ্ক্ৰিয় কৰা হৈছে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা আন আন গুলীচালনাকাৰীক প্ৰিয়ৱ্ৰত ফৌজী, কাশীষ আৰু অংকিত চেৰছা বুলি চিনাক্ত কৰা হৈছে।

‘গোল্ডী ব্ৰাৰে দিছিল নিৰ্দেশনা’
যাদৱে কয় যে মুছৱালাক হত্যা কৰাৰ পিছত মুণ্ডী আৰু কপিল দুয়োজনে একেলগে থাকি কানাডাৰ গেংষ্টাৰ গোল্ডী ব্ৰাৰ (GOLDY BRAR), যিজন মূল ষড়যন্ত্ৰকাৰী, তাৰ নিৰ্দেশত অহৰহ নিজৰ স্থান সলনি কৰি আছিল। ‘মুণ্ডী আৰু কপিল হাৰিয়ানা, ৰাজস্থান, গুজৰাট, ইউ পি আৰু পশ্চিম বংগত আছিল’ বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে নেপালত নিয়োজিত ৰাজিন্দৰ মুণ্ডী আৰু কপিলৰ প্ৰৱেশৰ সুবিধাৰ বাবে আৰু তেওঁলোকক নেপালৰ এটা নিৰাপদ ঘৰলৈ লৈ যোৱাৰ বাবে পশ্চিম বংগলৈ আহিছিল ।

তেওঁ কয় যে ব্ৰাৰে ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি মুণ্ডী আৰু কপিলক ডুবাইত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ লগতে কয়, ‘দুয়োজনে নেপাল বা থাইলেণ্ডত ভুৱা পাছপ’ৰ্ট লাভ কৰাৰ কথা আছিল, তাৰ পিছত তেওঁলোকে ডুবাইলৈ উৰা মাৰিলেহেতেন।

‘ছলমানক হত্যা কৰিবলৈ পণ্ডিতক কোৱা হৈছিল’
কপিল পণ্ডিতৰ প্ৰাথমিক জেৰাত প্ৰকাশ পাইছে যে ২০২১ চনত তেওঁ পেৰ’ল পাইছিল যাতে তেওঁ মাকৰ শেষ আচাৰ-অনুষ্ঠানত উপস্থিত থাকিব পাৰে। তেতিয়াৰে পৰা পণ্ডিত পলাতক হৈ আছিল। ৰাজস্থানৰ জিলা চুৰুৰ নিজৰ জন্মভূমি গাঁও বেৱাডৰ এজন লোকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

‘তাৰ পিছত অভিনেতা ছলমান খানৰ হত্যাকাণ্ড সম্পন্ন কৰিবলৈ লৰেন্স বিষ্ণোই গেঙে তেওঁৰ কাষ চাপিছিল,’ ডিজিপিয়ে কয় যে পণ্ডিতক শচীন বিষ্ণয় আৰু সন্তোষ যাদৱৰ সৈতে ছলমান খানৰ হত্যাৰ বাবে কৌশল ৰচনা কৰিবলৈ কোৱা হৈছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি