Shweta Agarwal Murder Case: ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত গোবিন্দ সিংঘালৰ ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালৰ মৃতদেহ।
Shweta Agarwal Murder Case: ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত গোবিন্দ সিংঘালৰ ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালৰ মৃতদেহ।
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা শ্বেতা আগৰৱাল হত্যাকাণ্ড (Shweta Agarwal Murder Case)ত গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) দোষমুক্ত কৰিলে মূল অভিযুক্ত গোবিন্দ সিংঘাল (Govinda Singhal)ৰ মাতৃ আৰু ভগ্নীক। গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰক্ষীৰ তদন্তত ত্ৰুটিৰ কথা উল্লেখ কৰি মূল অভিযুক্ত প্ৰেমিকা গোবিন্দৰ মাতৃ-ভগ্নীক নিৰ্দোষী সাব্যস্ত কৰে।
উল্লেখ্য যে ২০১৭ চনত শ্বেতা আগৰৱালক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘালৰ বিৰুদ্ধে। ২০১৯ চনত নিম্ন আদালতে গোবিন্দৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিছিল। এই নৃশংস হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত কামৰূপ ফাষ্ট ট্ৰেক আদালতে (fast Track Court) গোবিন্দৰ মাতৃ-ভগ্নীকো মৃত্যুদণ্ড (Death Penalty)ৰে দণ্ডিত কৰিছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত বুলি ৰায় দিয়ে।
আনহাতে মূল অভিযুক্ত গোবিন্দৰ মৃত্যুদণ্ডৰ ৰায়ৰ প্ৰসংগটো পুনৰ নিম্ন আদালতত শুনানিৰ নিৰ্দেশ প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। এই শুনানি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে।
উল্লেখ্য যে কে চি দাস কমাৰ্চ কলেজ (K C Das Commerce College)ৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ফাঁচীৰ নিৰ্দেশ দিছিল। ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত গোবিন্দ সিংঘালৰ ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালৰ মৃতদেহ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|