বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor)ৰ ভাতৃ সিদ্ধান্ত কাপুৰ (Siddhanth Kapoor)ক দেওবাৰে নিশা এক পাৰ্টিত ড্ৰাগছ (drugs) সেৱন কৰাৰ অভিযোগত বেংগালুৰু আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে, বেংগালুৰুৰ এম জি ৰোডৰ এখন হোটেলত সিদ্ধান্তই পাৰ্টি কৰিছিল, য’ত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল। বেংগালুৰু আৰক্ষী (Bengaluru police)য়ে জনোৱা মতে ড্ৰাগছ সেৱন কৰা বুলি অভিযোগ উত্থাপন হোৱা ৬ জন লোকৰ ভিতৰত সিদ্ধান্তও আছে।
সিদ্ধান্তৰ পিতৃ, অভিনেতা শক্তি কাপুৰে থতমত খাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। News18.com এ যেতিয়া প্ৰবীণ অভিনেতাগৰাকীৰ সৈতে যোগাযোগ কৰে তেতিয়া তেওঁ কয় যে তেওঁ এতিয়াও সবিশেষ জানিব পৰা নাই। “মই একো জ্ঞাত নহয়। মই মাত্ৰ টোপনিৰ পৰা উঠি আহিছো আৰু মোৰ ফোনটো অবিৰতভাৱে বাজিবলৈ আৰম্ভ কৰিছে। তাক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিন্তু (ড্ৰাগছ) সেৱনৰ বাবে পুলিচে আটক কৰিছে। বাতৰিত যিমানখিনি তথ্য ওলাইছে সিমানেই মোৰ হাতত আছে আৰু এই খবৰটোৱে মোক সঁচাকৈয়ে অশান্তি দিছে।’-শক্তি কাপুৰে News18ক কয়।
উল্লেখ্য যে ২০২০ চনত শ্ৰদ্ধা কাপুৰক চলচ্চিত্ৰ তাৰকা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছৰ তদন্তত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো (NCB)য়ে মাতিছিল। NCBৰ তদন্তকাৰী দলটোৱে ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছ গোচৰ আৰু বলীউড-ড্ৰাগছ (Bollywood-drugs nexus)ৰ সম্পৰ্কৰ সন্দৰ্ভতো তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিছিল।
সিদ্ধান্তই সঞ্জয় গুপ্তাৰ ক্ৰাইম ফিল্ম 'ছুটআউট এট ৱাডালা'ৰে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু পিছত অনুৰাগ কাশ্যপৰ মানসিক থ্ৰিলাৰ ছবি 'আগলী'ত অভিনয় কৰিছিল, য’ত তেওঁ তেজস্বিনী কলহাপুৰে আৰু ৰনিত ৰয়ৰ সৈতে কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। দাউদ ইব্ৰাহিম (Dawood Ibrahim)ৰ ভগ্নী হাছিনাৰ আধাৰত নিৰ্মিত 'হাছিনা পাৰ্কাৰ' (Haseena Parkar)ত সিদ্ধান্তই ভগ্নী শ্ৰদ্ধাৰ সৈতে অভিনয় কৰিছিল। ছবিখনত শ্ৰদ্ধা কাপুৰৰ প্ৰথমটো টাইটেল ৰ’ল আছিল আনহাতে সিদ্ধান্তই দাউদ ইব্ৰাহিমৰ চৰিত্ৰত অভিনয় কৰিছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 13, 2022, 19:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।