পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। অপহৰণকাৰীয়ে হত্যা কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে মৃতদেহটো।
জানিব পৰা অনুসৰি, ভুক্তভোগী লোকজনৰ এটিএম পৰা দুৰ্বৃত্তকাৰীয়ে লুটি নিয়ে লক্ষাধিক টকা।
উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা অপহৰণ হোৱা লোকজন বিহাৰৰ জয়বৰ্ধন কুমাৰ বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা বিহাৰ অভিমুখী ৰে'লৰ পৰা অপহৰণ হৈছিল ২৭ বছৰীয়া জয়বৰ্ধন। দুৰ্বৃত্তই ডিমাপুৰৰ পৰা অনুসৰণ কৰিছিল ভুক্তভোগী জয়বৰ্ধনক।
জানিব পৰা অনুসৰি, গুৱাহাটী ৰে'লৱে ষ্টেচনত ম'বাইল বন্ধ হৈ গৈছিল জয়বৰ্ধনৰ। প্ৰথমে ডিমাপুৰত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল পৰিয়ালে আৰু পিছত এই ঘটনা নিজাববীয়াকৈ তদন্ত কৰিছিল জিআৰপিৰ প্ৰসেনজিৎ দাসে।
শুৱালকুছিৰ শালমৰা চৰত সন্ধান পাইছিল অপহৃত জয়বৰ্ধনৰ। সেইমতেই আৰক্ষীয়ে অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ পৰা উদ্ধাৰ হয় জয়বৰ্ধনৰ ম'বাইল আৰু নথি-পত্ৰ।
উল্লেখযোগ্য যে, ধৃত লোক দুজনেই জয়বৰ্ধনক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ধৃত দুয়োজনৰ নাম জহৰ আলী আৰু আয়ুব আলী। দুৰ্গম চৰাঞ্চলৰ পৰা পল্টনবজাৰ জিআৰপিয়ে গ্ৰেপ্তাৰ কৰে দুয়োজনক।
Published by: Subham Goswami
First published: November 12, 2022, 19:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|