• Home
  • »
  • News
  • »
  • crime
  • »
  • Aryan Khan Drugs Case : জামিনত উলিয়াই আনিব নোৱাৰিলে পুত্ৰক, শ্বাহৰুখ খানে সলাই পেলালে আৰিয়ান খানৰ উকীল

Aryan Khan Drugs Case : জামিনত উলিয়াই আনিব নোৱাৰিলে পুত্ৰক, শ্বাহৰুখ খানে সলাই পেলালে আৰিয়ান খানৰ উকীল

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

ৰিয়া চক্ৰৱৰ্তী, সঞ্জয় দত্ত আৰু ছলমান খানৰ দৰে চেলিব্ৰেটীৰ গোচৰত আইনী যুঁজ দিয়া আইনজীৱী সতীশ মানশিন্দে (Satish maneshinde)ই আৰিয়ান খানৰো (Aryan Khan) গোচৰৰ অধিবক্ততা আছিল। কিন্তু এতিয়া শ্বাহৰুখ খানে (Shahrukh Khan) তেওঁৰ ঠাইত অইন এজন উকীল লৈছে।

  • Share this:
শ্বাহৰুখ খান (Shahrukh Khan)ৰ পুত্ৰ আৰিয়ান খানক (Aryan Khan) ড্ৰাগছৰ গোচৰত এনচিবি NCB)য়ে গ্ৰেপ্তাৰ কৰিছিল। আৰিয়ানক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে। আৰিয়ানৰ জামিন আবেদনৰ শুনানি শুকুৰবাৰে হৈছিল। কিন্তু তেওঁ জামিন লাভ কৰিব নোৱাৰিলে। আৰিয়ানৰ গোচৰটো বিখ্যাত অধিবক্তা সতীশ মানশিন্দেই যুঁজি আছিল। এতিয়া শ্বাহৰুখ খানে সতীশ মানশিন্দেক সলাই নতুন অধিবক্তা লোৱাৰ সিদ্ধান্ত লৈছে।

আৰিয়ানৰ জামিন আবেদনৰ শুনানি শুকুৰবাৰে হৈছিল আৰু আদালতে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। জামিনৰ শুনানি এতিয়া বুধবাৰে মুম্বাইৰ সত্ৰ আদালতত হ'ব। য'ত আৰিয়ানৰ গোচৰটো সতীশ মানসিন্দেৰ ঠাইত অধিবক্তা অমিত দেশাইয়ে যুঁজিব।

অমিত দেশাই এজন ফৌজদাৰী গোচৰৰ নামজনা উকীল। ২০০২ চনত তেওঁ ছলমান খানক হিট এণ্ড ৰাণ গোচৰ (Salman Khan Hit and Run Case)ত মুক্তি দিয়াইছিল। সোমবাৰে আৰিয়ানৰ জামিন আবেদন এনডিপিএছৰ বিশেষ আদালতত দাখিল কৰা হৈছে আৰু খবৰ পোৱা মতে অমিত দেশাইয়ে ড্ৰাগছৰ গোচৰত আৰিয়ান খানৰ হৈ যুঁজিব।

অমিত দেশাইক বিশেষ এনডিপিএছ আদালতত ব্যস্ত দেখা গৈছিল। তেওঁ আদালতক জনায় যে আৰিয়ানৰ পৰা কোনো ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাই। গোচৰটোৰ ক্ষিপ্ৰ শুনানিৰ অনুৰোধ জনাই তেওঁ কয় যে ই তেওঁৰ মক্কেলৰ ব্যক্তিগত স্বাধীনতাৰ সৈতে সম্পৰ্কিত।

৮ অক্টোবৰত আৰিয়ান খানৰ জামিনৰ আবেদন নাকচ কৰা হৈছিল। আৰিয়ান খানৰ জামিন আবেদনৰ বিৰোধিতা কৰি নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)য়ে কৈছিল যে জামিনৰ আবেদনৰ শুনানি অতিৰিক্ত মুখ্য দণ্ডাধীশৰ দ্বাৰা কৰিব নোৱাৰি আৰু আৰিয়ান খানৰ ড্ৰাগছৰ অপৰাধৰ বাবে তেওঁৰ বন্ধুবৰ্গৰ সৈতে বিচাৰ চলি আছে, যাৰ বাবে সৰ্বাধিক শাস্তি হৈছে ৩ বছৰ। কেৱল বিশেষ এনডিপিএছ আদালতে হে জামিন আবেদনৰ শুনানি ল'ব পাৰে যাৰ বাবে শাস্তি ৩ বা ততোধিক বছৰ।

এনচিবিয়ে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন জাহাজত অভিযান চলাই আৰিয়ান খানক আটক কৰিছিল। আৰিয়ানক জিম্মাত লোৱাৰ পিছত কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল। জেৰাৰ পিছত আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ বৰ্তমান তেওঁৰ বন্ধুবৰ্গৰ সৈতে কাৰাগাৰত আছে।
Published by:Manjumoni Borah
First published: